DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰয়োজনীয় নথি নথকাসকলৰ ডি এন এ পৰীক্ষা কৰক : আজিজুৰ ৰহমান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 23, 2018 9:32 pm
c11d5947-bd9a-4590-a6c8-d1473bf54b1a
91
VIEWS
Share on FacebookShare on Twitter

‘এন.আৰ.চিৰ বংশবৃক্ষ পৰীক্ষণৰ ক্ষেত্ৰত যিসকলৰ প্ৰয়োজনীয় নথি নাই তেওঁলোকৰ বাবে ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰক। ডি এন এ পৰীক্ষাত যদি তেওঁলোক ভাৰতীয় বুলি চিনাক্ত নহয় আমাৰ কোনো আপত্তি নাথাকে। অন্যথা বহু প্ৰকৃত নাগৰিকৰ নাম কেৱল নথি পত্ৰৰ অভাৱৰ বাবেই বাদ পৰিব পাৰে।‘ এই মন্তব্য আমছুৰ উপদেষ্টা তথা সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমৰ মুখ্য সমন্বয়ক আজিজুৰ ৰহমানৰ।

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাবত ২৩ টা সংখ্যালঘু সংগঠনৰ উমৈহতীয়ে মঞ্চ সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমৰ এক সংবাদমেল অনুষ্ঠিত কৰি ৰহমানে লগতে কয় যে বহু প্ৰকৃত ভাৰতীয় লোকে এন আৰ চিৰ প্ৰক্ৰিয়াটোৰ বাবে প্ৰয়োজনীয় নথি জমা দিব পৰা নাই। তেওঁলোকৰ মাজত বহু দুখীয়া মানুহ আছে যিসকলে বানপানীৰ কৱলত পৰি তেওঁলোকৰ নথি পত্ৰ হেৰুৱাবলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰি সেইসকল লোকক নথি জমা দিব নোৱাৰাৰ বাবেই বিদেশী বুলি গণ্য কৰিলে অন্যায় কৰা হ’ব বুলি কয়।

সংবাদমেলত আজিজুৰ ৰহমানে এন আৰ চিৰ মডেলিটিৰ প্ৰসংগ উত্থাপন কৰি কয় যে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ জমা দিয়া পুৰুষ আৰু অবিবাহিত মহিলাসকলৰ নথিসমুহ খাৰিজ নকৰি District Magistrate Investigation Team (DMIT) লৈ পৰীক্ষণৰ কথা আছিল কিন্তু ১ মে’ত এন আৰ চি কৰ্তৃপক্ষই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক জাননীযোগে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰসমুহ খাৰিজ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি ৰহমানে লগতে কয়, ‘প্ৰতীক হাজেলাই এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰো এখোজ ওপৰত কাম কৰি আছে।‘ এনে কৰিলে গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ জমা দিয়া বহু স্বদেশীৰ প্ৰতি বৈষম্য কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

এই বিষয়ত সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে। সমিতিয়ে লগতে বিবাহিত মহিলাৰ গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ নিৰীক্ষণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে, বুধবাৰে এই বিষয় সন্দৰ্ভত সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় সমিতি, অসমে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক প্ৰদান কৰে।

সমিতিয়ে লগতে অসম চুক্তিৰ আধাৰত ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত ভাৰতত প্ৰৱেশ কৰাসকলক বিদেশী বুলি চিনাক্ত কৰি তাৰ আগৰ কোনো লোক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষক দাবী জনায়।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd