এন আৰ চি প্ৰথম খচৰাত অন্তৰ্ভুক্ত দৰঙৰ ৪৫ শতাংশ লোক

nrc in assam

দৰং জিলা এন আৰ চি কৰ্তৃপক্ষৰ নদাল বিষয়া বিদ্যুৎ বিকাশ ভাগৱতীয়ে এন ই নাওক জনোৱা অনুসৰি, ‘জিলাখনৰ ১০ লাখ ৩২ হাজাৰ আবেদনকাৰীৰ ভিতৰত প্ৰায় ৪ লাখ ৬৫ হাজাৰ গৰাকী আবেদনকাৰীক এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু বাকীসকলৰ আবেদন পৰীক্ষা কৰি থকা হৈছে।’

ৰাজ্যখনৰ অন্য জিলাৰ লগতে দৰংবাসীও দেওবাৰে ৰাতি এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰয়। আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকে ৰাজহচক্ৰ বিষয়া কাৰ্যালয় সমূহ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ উপৰি দৰং জিলাৰ ৮০ টা এন আৰ চি সেৱা কেন্দ্ৰত এন আৰ চিৰ প্ৰথম খচৰাৰ তালিকা ৰাইজৰ বাবে সহজলভ্য কৰি ৰখা হয়।

নদাল বিষয়া তথা দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে জনোৱা অনুসৰি মোৱামাৰি, পুঠিমাৰি আৰু চাউলখোৱা এন আৰ চিৰ সেৱা কেন্দ্ৰৰ জিলা সদৰ মঙলদৈৰ ১ নং ৱাৰ্ডত থকা উমৈহতীয়া কেন্দ্ৰটো ব্যাপক জনসমাগমৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অস্থায়ীভাৱে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।