• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন এফ ৰে’লৱেৰ অধীনত বৰ্তমান ২৫ টা নতুন ৰে’লৱে লাইনৰ কাম চলি আছে : মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2018 8:13 pm

2 min read

এন এফ ৰে’লৱেৰ অধীনত বৰ্তমান ২৫ টা নতুন ৰে’লৱে লাইনৰ কাম চলি আছে : মুখ্য মন্ত্ৰী সোণোৱাল
135
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে দেওবাৰে বানীপুৰস্থিত ডিব্ৰুগড় ৰে’লৱে ষ্টেচনত সাপ্তাহিক ডিব্ৰুগড়-শিলচৰ দ্ৰুতবেগী ৰে’ল সেৱা ফ্লেগ অব কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শিলচৰৰ পৰা ডিব্ৰুগড়লৈ এই নতুন ৰে’ল সেৱাই বৰাক আৰু ব্ৰহ্মপুত্ৰ মাজত থকা সম্বন্ধ আধিক সুদৃঢ় কৰি তুলিব। লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে এন এফ ৰে’লৱেৰ অধীনত বৰ্তমান ৪৩ টা প্ৰকল্পৰ কাম চলি আছে আৰু ইয়াৰে ২৫ টাই নতুন ৰে’লৱে লাইনৰ বুলি উল্লেখ কৰি এই ৪৩ টা প্ৰকল্পৰ কামত কেন্দ্ৰীয় চৰকাৰে ৮৯,৬০১ কোটি টকা ব্যয় কৰিব।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ২০১৮ চনৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বৈদ্যুতিক ৰে’ল সেৱাৰ সংযোগ সাধনৰ বাবে ২৩৫৩ কোটি টকা কেন্দ্ৰয়ী চৰকাৰে ধাৰ্য কৰিছে বুলি কয়। তেওঁ কয় যে ৰে’ল বিভাগে ২১ খন ৰে’ল সেৱাৰ সম্প্ৰসাৰণ সাধন কৰিছে। এইখন ৰে’লৰ ভাষা হ’ব সমন্বয়ৰ হ’ব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে নতুন ৰে’লখনক বৰাক-ব্ৰহ্মপুত্ৰ নামেৰে নামাকৰণ কৰিবলৈও কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী গৰাকীক অনুৰোধ জনায়।

আনহাতে অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে বৰাক ব্ৰহ্মপুত্ৰ সংযোগ সাধনত এই ৰে’লখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আৰু ই অধিক জ্নপ্ৰিয় হৈ পৰিব বুলি কয়। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰি এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যোগাযোগৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন হ’ব বুলিও কয়।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত সাংসদ ৰামেশ্বৰ তেলী, বিধায়কসকল ক্ৰমে ঋতুপৰ্ণ বৰুৱা, বিনোদ হাজৰিকা, তেৰচ গোৱালা, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd