• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিনিময় প্ৰথাৰে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলাৰ দ্বিতীয় দিন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 19, 2018 6:15 pm
জোনবিল মেলা
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাওঁ জিলাৰ জাগীৰোডৰ পৰা ৩-৪ কিলোমিটাৰ নিলগত অৱস্থিত জোনবিল পথাৰত চলি থকা ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনা পুৱাৰে পৰা জোনবিলৰ পাৰত থকা পথাৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰাটো পৰিলক্ষিত হ’ল।

আজি পুৱা জোনবিল মেলাৰ এক ঐতিহ্যস্বৰূপ বিনিময় প্ৰথাৰ শুভাৰম্ভ হয়। এই বিনিময় প্ৰথা উদ্বোধন কৰে মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই মেলাত পাহাৰৰ পৰা নামি অহা মামা-মামী হিচাপে পৰিচিত জনজাতীয় লোকসকলে ভৈয়ামৰ লোকসকলৰ সৈতে বিভিন্ন সামগ্ৰীৰ আদান-প্ৰদান কৰাটো পৰিলক্ষিত হ’ল। আজিৰ দিনটোত পাহাৰৰ জয়ন্তীয়া, খাচী, গাৰো, তিৱা, কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ ভৈয়ামৰ তিৱা জনগোষ্ঠীয় লোকসকলৰ সৈতে এই বিনিময় প্ৰথাৰ জৰিয়তে এক সম্প্ৰীতিৰ গঢ় লৈ উঠাটো পৰিলক্ষিত হয়। পাহাৰৰ লোকসকলে পাহাৰত উৎপাদিত শস্য যেনে আলু, কচু, হালধি, আদা, বাঁহগাজ, জলকীয়া ইত্যাদি সামগ্ৰীৰ সৈতে ভৈয়ামৰ পিঠাগুৰি, সান্দহ, চিৰা, পিঠা, লাড়ু, শুকান মাছ ইত্যাদি সামগ্ৰী সমূহৰ সাল-সলনি কৰাটো দেখিবলৈ পোৱা গ’ল। আনহাতে এই সামগ্ৰীসূহৰ বিনিময়ত কোনোধৰণৰ ধন সংগ্ৰহ কৰা নহয় বুলি জানিব পৰা গৈছে।

Apply Now

জোনবিল মেলাৰ অন্য এক পৰম্পৰা হ’ল কুকুৰা যুঁজ। আজি জোনবিল পথাৰত মেলাৰ কাষতে সেই অঞ্চলৰ বহুতো লোকে যুঁজৰ বাবে বহুতো কুকুৰা লৈ আহিছিল। উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ যুঁজসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকে আজি কুকুৰা যুঁজ আয়োজন কৰা পৰিলক্ষিত হয়। অৱশ্যে এয়া তেওঁলোকে পৰম্পৰা ৰক্ষাৰ বাবেহে অনুষ্ঠিত কৰিছে বুলি আমাক জানিবলৈ দিয়ে। আনহাতে এই কুকুৰা যুঁজৰ দৃশ্য শতাধিক লোকে জুম বান্ধি উপভোগ কৰা পৰিলক্ষিত হয়।

ইয়াৰ উপৰি এই জোনবিল মেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে পৰম্পৰাগত খাদ্য সম্ভাৰৰ মেলা। এই পৰম্পৰাগত খাদ্য মেলাৰ বিপণী সমূহত বিক্ৰেতাসকলে পোৰা মাছ, পোৰা গাহৰি, পোৰা কেকোৰা ইত্যাদি সুস্ব্যাদু অতি সুন্দৰভাবে সজাই ৰাখে। জানিব পৰা মতে এই বিক্ৰেতাসকল লক্ষীমপুৰ, ধেমাজি, মাজুলী ইত্যাদি অঞ্চলসমূহৰ পৰা এই জোনবিল মেলালৈ আহিছে।

উল্লেখযোগ্য যে এই পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে তিৱা, বড়ো, মিছিং সকলে ঘৰতে প্ৰস্তুত কৰি উলিওৱা জনগোষ্ঠীয় সুৰা সমূহো বিক্ৰী কৰা পৰিলক্ষিত হয়। বিক্ৰেতা সকলে জনগোষ্ঠীয় সুৰা যেনে আপং, সাজপানী, ছাঁই মদ আদি বিক্ৰী কৰে। এই জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণী সমূহত বহুতো লোকে ভিৰ কৰা দেখিবলৈ পোৱা গ’ল। পৰম্পৰাগত খাদ্যৰ লগতে কিছুসংখ্যকে পৰম্পৰাগত সুৰাৰো জুতি লোৱা দেখিবলৈ পোৱা যায়।

পূৰ্বৰে পৰা চলি অহা পৰম্পৰা মতে আজি পুৱা প্ৰায় ৯:৩০ মান বজাৰ পৰা স্থানীয় লোকসকলে জোনবিলত ৰাজহুৱাভাৱে মাছ ধৰে। কিন্তু পৰিতাপৰ কথা যে পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবছৰ মাছ মৰা মানুহৰ সংখ্যা নিচেই কম।

 

বিনিময় প্ৰথা আৰু কুকুৰা যুঁজৰ সমান্তৰালকৈ আজি দিনৰ প্ৰায় ১১ মান বজাৰ পৰা আৰম্ভ হয় গোভা ৰজাৰ সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰে জাগীৰোড সমষ্টিৰ বিধায়ক পিয়ূষ হাজৰিকাই। এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় নৃত্য যেনে তিৱা, দেউৰী, বডো, কাৰ্বি, ৰাভা, ডিমাচা ইত্যাদি নৃত্য সমূহ পৰিৱেশন কৰে।

কাইলৈ অৰ্থাৎ জোনবিল মেলাৰ শেষৰ দিনা তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা, মৰিগাওঁ জিলাৰ উপায়ুক্ত হেমেন দাস, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তা আৰু মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল কাকতি উপস্থিত থাকিব।

আনহাতে মেলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা ১ কোটি টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়াৰ কাৰণে মুখ্য মন্ত্ৰী তথা ৰাজ্য চৰকাৰলৈ তিৱা ৰাজদৰবাৰে ধন্যবাদ জ্ঞাপন কৰিছে। ইফালে উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়া অনুসৰি কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০ সহস্ৰাধিক লোকে এই মেলা দৰ্শনৰ বাবে ভিৰ কৰেহি। আনহাতে আজি বিদেশী পৰ্যটক সকলেও এই মেলা দৰ্শনৰ বাবে অহাটো পৰিলক্ষিত হ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd