ওদালগুৰিত তিনিজন এনডিএফবি (সং) সদস্য আটক

ওদালগুৰিত আৰক্ষী-সেনাৰ যৌথ অভিযানত আটক হোৱা এনডিএফবি (সং) সদস্য আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ

বৃহস্পতিবাৰে ৰাতিপুৱা ওদালগুৰি আৰক্ষী থানাৰ অধীনৰ ভৈৰৱকুণ্ড আৰু হৰিশিঙা আৰক্ষী থানাৰ অধীনৰ আমবাগানৰ পৰা আৰক্ষী আৰু সেনাৰ যৌথ অভিযানকাৰী দলে তিনিজন এনডিএফবি সংবিজিত গোটৰ সদস্য আৰু এগৰাকী মধ্যস্থতাকাৰীক আটক কৰে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্য ভিত্তিত ওদালগুৰি আৰক্ষী, আৰ্মিৰ ১৪ নং ডোগ্ৰা ৰেজিমেন্ট আৰু কোব্ৰা ২১০ বেটেলিয়ন শিৱিৰৰ যৌথ অভিযানত এনডিএফবি সংবিজিত গোটৰ তিনিজন সদস্য ক্ৰমে গোমছৰ দৈমাৰী ওৰফে গোবৰাহ, বুহাইছট বসুমতাৰী ওৰফে বাৰহুংখা আৰু আশীষ দৈমাৰী ওৰফে আখাই।

অভিযানকাৰী দলটোৱে অঞ্জলু কছাৰী ব্ৰহ্ম নামৰ এগৰাকী মধ্যস্থতাকাৰীকো আটক কৰে। তেওঁলোকে এটা গুলিভৰ্তি  ৯ এম এম পিষ্টল আৰু ৩জাই জীৱন্ত গুলি, এটা ৭.৬৫ এম এম গুলিভৰ্তি পিষ্টল আৰু ৫ জাই জীৱন্ত গুলি, দুটা গ্ৰেনেড আৰু এখন মাৰুতি জেন এষ্টিল’ গাড়ী উগ্ৰপন্থী কেইজনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে।