ওলাই আহিল লেখক-শিল্পী সমাজ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দীঘলীপুখুৰীৰ পাৰত  প্ৰতিবাদ

লেখক-শিল্পী সমাজ, অসমে দীঘলীপুখৰীৰ পাৰত উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাৰ দৃশ্য, ১৩ মে'ত।

অসমীয়া জাতিক অস্তিত্বৰ সংকটৰ গৰাহলৈ ঠেলি দিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত সমগ্ৰ অসমত তোলপাৰ লাগি থকাৰ সময়তে দেওবাৰে মহানগৰীত বিধেয়কখনৰ বিৰূদ্ধে পুনৰ একত্ৰিত হ’ল শিল্প আৰু সাহিত্যৰ লগত জড়িত ৰাজ্যৰ যথেষ্ট সংখ্যক লোক।

ৰাজ্যৰ লেখক আৰু শিল্পীৰ উমৈহতীয়া মঞ্চ লেখক-শিল্পী সমাজ, অসমে দেওবাৰে দীঘলীপুখৰীৰ পাৰত এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই জাতিধ্বংসী বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰে। হাতে হাতে অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলৰ ছবি, গীত-কবিতা আৰু কেইবাগৰাকীও মহান লোকৰ বাণী সম্বলিত প্লেকাৰ্ড, কাৰ্টুন লৈ বিষ্ণু ৰাভা, ডঃ ভূপেন হাজৰিকাৰ জাতিক জগাই তোলা কালজয়ী গীত গাই গাই শোভাযাত্ৰাত ভাগ লয় সমবেত লেখক-শিল্পীসকলে। লক্ষীৰাম বৰুৱা সদনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী শোভাযাত্ৰাত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়েও ভাগ লয়।

লেখক-শিল্পী সমাজ, অসমে দীঘলীপুখৰীৰ পাৰত উলিওৱা প্ৰতিবাদী শোভাযাত্ৰাৰ দৃশ্য, ১৩ মে’ত।

প্ৰতিবাদী শোভাযাত্ৰাটোৰ পূৰ্বে লক্ষীৰাম বৰুৱা সদনত এখন সভা অনুষ্ঠিত কৰে লেখক-শিল্গী সমাজে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি লেখক-শিল্পী সমাজ, অসমৰ আহ্বায়ক, লেখক অৰিন্দম বৰকাকতীয়ে কয়,- “অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি তেতিয়াহে জীয়াই থাকিব, যেতিয়া জাতিৰ অস্তিত্ব থাকিব। চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতিলৈ ভাবুকি নামি আহিব।” তেওঁ লগতে এই বিধেয়কক ভাৰতৰ সংবিধান বিৰোধী আখ্যা দি অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাচত অহা সকলো বিদেশীক বহিষ্কাৰৰ দাবী জনায়।

সভাত বিশিষ্ট নাট্যকাৰ, অধ্যাপক নৰেন পাটগিৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমক পূৰ্ববংগৰ লগত চামিলকৰণৰ বিৰুদ্ধে থিয় দিয়া কথাষাৰৰ উদ্ধৃতিৰে বৰ্তমানৰ চৰকাৰকো অসম বিৰোধী বিধেয়কখনৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

এই কাৰ্যসূচীতেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উপস্থিত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰা হয় আৰু ইয়াৰ সৈতে এখন স্মাৰকপত্ৰ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ, লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হ’ব বুলিও লেখক-শিল্পী সমাজ, অসমৰ ফালৰ পৰা জানিবলৈ দিয়ে।