• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ হ’ল শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 24, 2018 4:55 pm
Silchar_medical

শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ প্ৰতিবাদৰত কনিষ্ঠ চিকিৎসকসকল।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদে আজি হঠাতে স্তব্ধ কৰি তোলে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়। চিকিৎসকসকলৰ এই প্ৰতিবাদৰ ফলত অচলাৱস্থাৰ সৃষ্টি হয় আৰু সকলো চিকিৎসাসেৱা বন্ধ হৈ পৰে।

১০০০খন বিছনাযুক্ত চিকিৎসালয়খনৰ বহিঃৰোগী বিভাগৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তুলিছে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত।

Apply Now

উল্লেখযোগ্য যে সোমবাৰে এজন ৰোগীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মৃতকৰ উত্তেজিত আত্মীয়ই চিকিৎসালয়খনৰ হৃদৰোগ বিভাগৰ আই চি য়ু লণ্ডভণ্ড কৰাৰ লগতে জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ আহমেদ চৌধুৰীক মাৰধৰ কৰে। কনিষ্ঠ চিকিৎসকসকলো মাৰধৰৰ পৰা সাৰি যোৱা নাছিল।

জানিব পৰামতে, ২৩ জুলাইত শিলচৰৰ মধুৰবন্দৰ ফাজু মিঞা লস্কৰ নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে চিকিৎসালয়খনত পেচমেকাৰ সলনি কৰিবলৈ আহিছিল। কিন্তু তেওঁ পেচমেকাৰ সলনি প্ৰক্ৰিয়া চলি থকাৰ সময়তে কালি ৫-৪৫ বজাত মৃত্যু হয়।

ফাজু মিঞাৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনে প্ৰতিপন্ন কৰিব বিচাৰিছিল যে হৃদৰোগ বিভাগৰ আইচিইউত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত স্ক্ৰীনত ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰিব পৰা নাছিল আৰু ইয়াৰ ফলত ফাজু মিঞা লস্কৰৰ মৃত্যু হয়।

ইয়াৰ পিছতে ফাজু মিঞাৰ আত্মীয়সকলে উক্ত হিংসাত্মক কাৰ্য্যত লিপ্ত হয়। এই পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছত কনিষ্ঠ চিকিৎসকসকল ক্ষুভিত হৈ পৰে। তেওঁলোকে তেওঁলোকৰ নিৰাপত্তাৰ দাবী তোলে।

“আমি ইয়াত প্ৰত্যেকৰ বাবে সম্পূৰ্ণ নিৰাপত্তা বিচাৰোঁ। কাৰণ ৰোগীক চিকিৎসা কৰিবলৈহে আছোঁ, তেওঁলোকৰ পৰা পিটন খাবলৈ নহয়।’’ টিংকু বৰা নামৰ এজন কনিষ্ঠ চিকিৎসকে কয়।

তেওঁ লগতে কয়, ‘‘ আমি ঈশ্বৰ বা দানৱ নহয়, কিন্তু এগৰাকী ৰোগীক সোনকালে সুস্থ কৰি তুলিবলৈ চেষ্টা কৰোঁ, কাৰণ আমিও মানুহ।”

আনহাতে নাম প্ৰকাশত অনিচ্ছুক আন এগৰাকী চিকিৎসকে অভিযোগ কৰিছে যে কালি আবেলিয়েই এই বিষয়টো সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও ঘটনাটো সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হোৱা নাই।

প্ৰতিবাদী কাৰ্য্যসূচী পালনৰ সময়ত কনিষ্ঠ চিকিৎসকলকে চিকিৎসালয়খনৰ অধ্যক্ষ আৰু মুখ্য তত্ত্বাৱধায়ক শিল্পীৰাণী বৰ্মনৰ হাতত এখন স্মাৰকপত্ৰৰ প্ৰদান কৰিছে। বাতৰি লিখাৰ পৰলৈকে অধ্যক্ষ তথা মুখ্য তত্ত্বাৱধায়কগৰাকীয়ে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এখন উচ্চ স্তৰীয় সভাৰ আহ্বান কৰিছে।

উল্লেখযোগ্য যে অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰত কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন অসুবিধাৰ মাজেৰে সেৱা আগ বঢ়াই আহিছে। এওঁলোকক নিম্নতম সা-সুবিধা, সুৰক্ষা, শ্ৰমিক অধিকাৰ যথোচিতভাৱে দিয়া হোৱা নাই। দৰমহাও অন্য ৰাজ্যৰ তুলনাত বহুখিনি কম, অথচ কৰ্মঘণ্টা বহু বেছি।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd