• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাঁহ শিল্পৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিব সুকীয়া আঁচনি

NE NOW NEWS এন ই নাও নিউজ
সৰ্থেবাৰী , January 28, 2018 7:50 am

2 min read

Sarbanada Sonowal

মুখ্য মন্ত্ৰীৰ ফাইল ফটো

448
VIEWS
Share on FacebookShare on Twitter

সৰ্থেবাৰীৰ পাঁচখেল গঞা গয়ৰহৰ উদ্যোগত ইয়াৰ ঐতিহ্যমণ্ডিত সভাখোলাত অনুষ্ঠিত এখন সম্বৰ্দ্ধনা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে নিবিড় সম্পৰ্ক থকা কাঁহ শিল্পক এক শক্তিশালী ৰূপত গঢ় দিয়াৰ উদ্দেশ্য ৰাজ্য চৰকাৰে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এক সুকীয়া আঁচনি গ্ৰহণৰ ব্যৱস্থা কৰিছে।

সৰ্থেবাৰীৰ ঐতিহ্য-সংস্কৃতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’‘শিল্প কলা আৰু আধ্যাত্মিকতাৰ স্থান সৰ্থেবাৰীয়ে অসমৰ সাহিত্য সংস্কৃতি আৰু জাতীয় জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। শক্তিশালী শিল্প কলাক সৰ্থেবাৰীয়ে উজলাই তোলাই নহয়, অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰিছে আৰু বিশ্বৰ বুকুত অসমৰ ঐতিহ্য প্ৰতিফলিত কৰিছে।‘’

শংকৰদেৱকে আদি কৰি গুৰুসকলে সত্ৰ প্ৰতিষ্ঠা কৰি সাংস্কৃতিক আৰু আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰিছিল আৰু তাৰ ভেটিতে অসমৰ সমাজ জীৱন পৰিচালিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৰুসকলৰ আদৰ্শেৰে সমাজৰ পৰা অন্ধবিশ্বাস, দুস্কৃতি আঁতৰ কৰাৰ বাবে সমাজত ভাল মানুহৰ সৃষ্টি কৰিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সু-শাসন ব্যৱস্থাৰ বাবে ভাল মানুহৰ প্ৰয়োজন। সমাজখন নিয়মানুৱৰ্তী, শৃংখলাবদ্ধ আৰু পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিজন মানুহ দায়বদ্ধ হ’লেহে প্ৰকৃতাৰ্থত ৰাজ্যখনত পৰিৱৰ্তন হ’ব।

সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিশিষ্ট অতিথি হিচাপে ভাষণ দি সৰ্থেবাৰীৰ ঐতিহ্য সংস্কৃতিৰ ওপৰত ব্যাখ্যা দাঙি ধৰি কয় যে এই অঞ্চলত মাধৱদেৱ স্থাপিত গোমূৰা পূবৰ সত্ৰ, গদ্য সাহিত্যৰ জনক ভট্টদেৱ স্থাপিত ব্যাসকুছি সত্ৰ আৰু মনোহৰদেৱ স্থাপিত বৰকাপলা সত্ৰ, কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি অনেক সত্ৰ, থান আছে।

কাঁহ শিল্প, পিতল শিল্প, মৃৎ শিল্পৰে গৌৰৱান্বিত এই ঠাইৰ কাপলা বিলকে ধৰি জলাশয়সমূহ মাছ-পুঠিৰ বাবে বাবেও প্ৰখ্যাত বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰী সোণোৱালে সত্ৰসমূহৰ সংৰক্ষণ, বেদখল উচ্ছেদ, মেধাৰ আধাৰত এপিএছচিকে ধৰি সকলো চৰকাৰী বিভাগতে নিযুক্তিকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে আজিৰ সভাতে সৰ্থেবাৰীৰ সভাখোলাৰ চৌপাশৰ পকীবেৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd