• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা যোৰহাটত আৰম্ভ হ’ব এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰথম পৰ্য্যায়ৰ কাম : জিলা উপায়ুক্ত

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
February 16, 2018 9:13 pm
NRC
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ এন আৰ চি উন্নিতকৰণৰ প্ৰথম পৰ্য্যায়ৰ বংশবৃক্ষ পৰীক্ষণৰ কাম কাইলৈৰ পৰা পৰীক্ষামূলকভাৱে আৰু ১৯ ফেব্ৰুৱাৰিৰ পৰা পূৰ্ণ পৰ্য্যায়ত আৰম্ভ হ’ব।

জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিত্তালে আজি এই সম্পৰ্কে সংবাদ মাধ্যমক জনায়।

Apply Now

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে এন আৰ চি আবেদনসমূহত থকা নামৰ বিসংগতিৰ এখন তালিকা সংশ্লিষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰিছে। এই তালিকাৰ ওপৰত নিৰ্ভৰ কৰি তালিকাত বিসংগতি থকা লোক বা পৰিয়ালসমূহৰ সেৱা কেন্দ্ৰত তেওঁলোকৰ এক শাৰীৰিক সত্যাসত্য নিৰূপণ কৰা হ’ব।

মিত্তালে কয়, ‘ৰাজ্যিক সমন্বয়ক কাৰ্য্যালয়ে প্ৰস্তুত কৰা এটা চফটৱেৰে বংশবৃক্ষত দাখিল কৰা নামসমূহ মিলাই চাই নিমিলাখিনিক আঁতৰাই পেলায়। আমি জিলা পৰ্য্যায়ত এই বিসংগতি থকা পৰিয়ালবোৰক কেন্দ্ৰসমূহলৈ মাতি পঠাওঁ যাতে তেওঁলোকক সোঁ-শৰীৰে সত্যাসত্য নিৰূপণ কৰিব আৰু যিকোনো খেলিমেলি আঁতৰ কৰিব পৰা যায়। কোনোবাই যদি উত্তৰাধিকাৰ তথ্য ভুৱাকৈ ব্যৱহাৰ কৰিছিল, এই প্ৰক্ৰিয়াৰ যোগেদি তাকো ধৰা পেলাব পৰা যাব।’

এই তালিকাত থকা সকলো নাম শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত সত্যাসত্য নিৰূপিত হ’বলৈ বাকী থকাসকলৰ।

এই সন্দৰ্ভত উদাহৰণ দাঙি ধৰি মিত্তালে কয় যে ধৰক কোনোবা এজন লোকৰ নাম এজন খুৰাকে ঘৰুৱা নামেৰে বাবলু বুলি দিলে। আনহাতে লোকজনৰ অন্য এজন খুৰাকে আৰু দেউতাকে তেওঁৰ নাম দিলে পোচাকী নামেৰে ভাস্কৰ বুলি। তেনেকে কোনো এগৰাকী মহিলাক বিয়াৰ আগতে মাকৰ ঘৰত পিংকি বুলি মতাৰ বিপৰীতে বিয়াৰ পিছত নতুন ঘৰত তেওঁ সুৰভি বুলি জনাজাত হ’ল। এনে ক্ষেত্ৰত সোঁ-শৰীৰে তেওঁক এগৰাকীয়েই লোক বুলি পৰিয়ালে নিশ্চিতি দিলে এনেধৰণৰ খেলিমেলিবিলাক আঁতৰ কৰিব পৰা যাব।

সম্ভৱ হ’লে সংশ্লিষ্ট লোকজনৰ পৰিচয় পত্ৰ থাকিলেও ভাল।

মিত্তালে লগতে জনায় যে খচৰা এন আৰ চিত নাম অহা লোক এজনক এনে খেলিমেলিৰ ক্ষেত্ৰত সাক্ষী হিচাপে ল’ব পৰা হ’ব।

জিলাখনত ইতিমধ্যে সংশ্লিষ্ট লোকসকললৈ ২০০০ খন চিঠি বুথ পৰ্য্যায়ৰ বিষয়াৰদ্বাৰা পঠোৱা হৈছে।

এই প্ৰক্ৰিয়াটো ৩১ মাৰ্চলৈকে নিৰৱচ্ছিন্নভাৱে চলিব। পৰৱৰ্তী ২য় পৰ্য্যায়ৰ বংশবৃক্ষ পৰীক্ষণে কেবাখনো জিলা সামৰি ল’ব।

সভাখনত এন আৰ চিৰ নদাল বিষয়া জয়ন্ত গোস্বামী আৰু জিলা প্ৰকল্প পৰ্য্যৱেক্ষক গৌৰৱ বৰঠাকুৰো উপস্থিত আছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd