• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটকক আকৰ্ষিত কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অচিৰেই আৰম্ভ হ’ব নদী ছাফাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 23, 2018 12:35 pm

2 min read

Entrance
199
VIEWS
Share on FacebookShare on Twitter

এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকক আকৰ্ষিত কৰিবলৈ নতুন উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে । সেই অনুসৰি কাজিৰঙা ভ্ৰমণ কৰা দেশী-বিদেশী পৰ্যটকসকলে যাতে বিশাল লুইতৰ জলৰাশিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে তাৰ বাবে অচিৰেই ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ কৰা হ’ব নদী ছাফাৰী।

‘দ্য আছাম ত্ৰিবিউন’ নামৰ কাকতখনত প্ৰকাশিত এক প্ৰতিবেদন মতে ইতিমধ্যে এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পৰিবহণ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰি বন বিভাগৰ সৈতে ব্ৰক্ষ্মপুত্ৰত এক যুটীয়া জৰীপ চলাবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে ভাৰতৰ আম্ভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষই অসম চৰকাৰক বিষয়টো প্ৰাথমিকতাৰ সৈতে  সম্পন্ন কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটীত শেহতীয়াভাৱে সম্পন্ন এক ৰোড শ্ব’ত কেইবাটাও সংস্থাই বিষয়টো উত্থাপন কৰি কাজিৰঙাত নৌকা বিহাৰৰ বাবে কোনো ঘাট নথকাটো উল্লেখ কৰিছিল।

সেয়েহে ভাৰতৰ আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধ্যক্ষ গৰাকীয়ে অসম চৰকাৰক বিষয়টো প্ৰাথমিকতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনাই বন আৰু পৰ্যটন বিভাগৰ যাৱতীয়া অনুমোদন ল’বলৈ আহ্বান জনাইছিল।

এই সন্দৰ্ভত আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক বিবি দেৱ চৌধুৰীয়ে কয় যে চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে প্ৰস্তাৱ লাভ কৰিছে। আনহাতে আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগেও দুখন নৌকা নিৰ্মাণ কৰি আছে।

যদিহে উক্ত পৰিকল্পনা বাস্তৱায়িত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ বিকাশৰ বাবে ই হ’ব আন এক মাইলৰ খুঁটি। লগতে ইয়ে স্থানীয় নিৱনুৱা সকলক সংস্থাপনৰ বাট মুকলি কৰি দিব বুলি প্ৰকাশ কৰে সঞ্চালক গৰাকীয়ে।

Recent News

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd