DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামাখ্যাত অম্বুবাচী : দেশ-বিদেশৰ লক্ষাধিক ভক্তৰ সমাগমেৰে দ্বিতীয় দিনাও উখল-মাখল নীলাচল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 23, 2018 10:44 pm
Kamakhya
76
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পাছত আজি দ্বিতীয়টো দিন। অম্বুবাচী মেলা উপলক্ষে আজি দ্বীতিয় দিনাও উখল-মাখল পৰিৱেশ দেখা গ’ল নীলাচলৰ বুকুত। দেৱীৰ আশীৰ্বাদ ল’বলৈ ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হয়। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ উপৰি বিদেশৰ পৰাও যথেষ্ট সংখ্যক ভক্ত আহি ভাগ লৈছে অম্বুবাসী মেলাত।

কালি অম্বুবাসীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। ইয়াৰ পাছৰে পৰা ভক্তসকলে মন্দিৰৰ বাহিৰতে ৰৈ দেৱীৰ দৰ্শনৰ বাবে অপেক্ষা কৰা দেখা যায়। দেৱীৰ আশিস বিচাৰি অহা ভক্তসকলে মন্ত্ৰোচ্চাৰণ, দেৱীবন্দনা, শংখ-ঘন্টা-পেঁপা আদি বাদ্য বজাই শক্তিৰ আৰাধনা কৰা পৰিলক্ষিত হয়।

শক্তিৰ আৰাধনাৰ বাবে শক্তিপীঠত আহি ভিৰ কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ বহু সংখ্যকেই প্ৰতিবছৰে এই অম্বুবাচী মেলালৈ অহা বুলি জানিবলৈ দিয়ে। আনহাতে অম্বুবাচী মেলা উপলক্ষে কামাখ্যা মন্দিৰত উপস্থিত হৈছে নেপাল, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশৰ পৰাও বহুকেইগৰাকী ভক্ত। কানাডাৰ পৰা অহা এগৰাকী ভক্তই কয় যে তেওঁ তিনিবছৰ ধৰি অম্বুবাচী মেলালৈ আহি আছে। এই মেলালৈ আহি তেওঁ মানসিক প্ৰশান্তি লাভ কৰে বুলি কয়।

অম্বুবাচী মেলাৰ বাবে জিলা প্ৰশাসনৰ লগতে দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিৰাপত্তাৰ দাযিত্বত নিয়োজিত কৰাৰ সমান্তৰালকৈ স্কাউট-গাইড, এন চি চি আৰু স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰা হৈছে। নীলাচলৰ তলৰ পৰা ওপৰলৈ ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষী আৰু অন্যান্য সেৱকসকলৰ অহৰহ প্ৰচেষ্টাত বৰ্তমানলৈ আইন-শৃংখলা সুন্দৰভাৱে পৰিলক্ষিত হৈ আছে।

ইপিনে, ভক্তসকলক ব্যক্তিগত বাহনসমুহ নীলাচল পাহাৰৰ ওপৰলৈ নিবলৈ নিদিয়াৰ বাবেই যান-বাহন সুন্দৰভাৱেই নিয়ন্ত্ৰণ হৈছে। অৱশ্যে চৰকাৰে শিশু, বৃদ্ধ আৰু দিব্যাংগসকলৰ পৰিবহণৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিছে যদিও ভক্তৰ সমাগম অনুপাতে সেয়া যথেষ্ট কম। যাৰ ফলত কষ্টৰ সন্মুখীন হৈছে বহু শিশু আৰু বৃদ্ধলোক। বেছিসংখ্যক যাত্ৰীয়েই এ টি ৰ’ডৰ পৰা কামাখ্যা মন্দিৰলৈ গাড়ী যোৱা পখ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়ি অহাযোৱা কৰা দেখা গৈছে।

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd