DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ঘটনাৰ আঁৰত থকা অভিসন্ধি বিচাৰি উলিওৱাৰ দাবী নৰ্থ-ইষ্ট ৱমেন ফ্ৰণ্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 1:24 pm
14-06-18 Guwahati- NE women front
87
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলংঙৰ নৃশংস, অমানৱীয় ঘটনাৰ আঁৰত কাৰ কি অভিসন্ধি আছে অসমৰ ৰাইজে জানিব বিচাৰিছে। চৰকাৰে তৎকালীনভাৱে এই ঘটনাৰ আঁৰত কাৰ কি অভিসন্ধি আছে সেয়া বিচাৰি উলিয়াই ৰাজহুৱা কৰিব লাগে আৰু দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে। এই দাবী নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই দাবী উত্থাপন কৰি নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৱে কয় যে চৰকাৰকে প্ৰশাসনক ৰাইজৰ ওচৰ চপাই অনাৰ কথা কয় যদিও প্ৰশাসন যে ৰাইজৰ পৰা বহু নিলগত আছে এই কথা কাৰ্বি আংলঙৰ ঘটনাই প্ৰমাণ কৰিছে।

তেওঁ লগতে আঙুলিয়াই দিয়ে যে ডকমকা আৰক্ষী থানাৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ আঁতৰত নীল-অভিৰ নৃশংস ঘটনা সংঘটিত হৈছে। তাৰ মানে পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ গাফিলতি আছে। এনে পুলিচ প্ৰশাসনক বিশ্বাস কৰিব পাৰিনে? ৰাইজৰ মাজত এই প্ৰশ্ন উত্থাপন হৈছে বুলি সংবাদমেলত কয় সভানেত্ৰীগৰাকীয়ে।

দুৰ্ভাগ্যজনকভাৱে পাহৰীয়া জিলা দুখনৰ জনসাধাৰণে সৰ্বস্তৰত হোৱা দুৰ্নীতিৰ বাবে শিক্ষা-স্বাস্থ্যকে ধৰি প্ৰাথমিক সা-সুবিধাসমূহ উপযুক্তভাৱে লাভ নকৰাত চাৰিওফালে অনগ্ৰসৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস বিৰাজ কৰিছে বুলি মন্তৱ্য কৰি ইয়াৰ বাবেই এনেধৰণৰ উৰাবাতৰি আদিয়ে ৰাইজক বিভ্ৰান্ত কৰা বুলি কয়।

আনহাতে, কাৰ্বি আংলঙৰ এই ঘটনাই যাতে জাতীয় অস্তিত্ব, ভাষাৰ অস্তিত্ব আদি বিষয়বোৰৰ পৰা নিলগাই ৰাখিব নোৱাৰে তাৰ বাবে আহ্বান জনাইছে সভানেত্ৰী ৰেখাৰাণী দাস বড়োৱে।

সভানেত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে ফ্ৰণ্টে চলাই অহা গণস্বাক্ষৰ অভিযানৰ অংশ হিচাপে অহা ১৭জুনত ধুবুৰীত ভাৰত-বাংলা সীমান্তত গণস্বাক্ষৰ সংগ্ৰহ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে।

সংবাদমেলখনত নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ উপ-সভানেত্ৰী সুমিত্ৰা হাজৰিকা, সম্পাদিকা মীৰা বৰঠাকুৰ, জোনমণি খাউণ্ড আদি উপস্থিত থাকে।

Recent News

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd