• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি হ’ব এন আৰ চিত নাম নথকাসকলৰ? : নাই ভাৰত চৰকাৰৰ স্পষ্ট নীতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 25, 2018 9:42 pm
Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমক অবৈধ বিদেশীৰো বোজাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে দেশৰ কোনো অংশতে নকৰা সত্ত্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হৈছে। অসম চুক্তিৰ আধাৰত হোৱা এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো, যাক চমুকৈ এন আৰ চি উন্নীতকৰণ বুলি কোৱা হয়, চলি আছে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত।

ইতিপূৰ্বে এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ হৈ গৈছে। দ্বিতীয়খন খচৰা প্ৰকাশ হোৱাৰ পথত। অৰ্থাৎ প্ৰক্ৰিয়াটো প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।

Apply Now

কিন্তু এইখিনিতে ডাঙৰ প্ৰশ্ন হৈছে, সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ কি হ’ব। এওঁলোকৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব সেইটো সৰ্বসাধাৰণ ৰাইজৰ মনত প্ৰশ্ন হৈ দেখা দিছে। কেৱল সৰ্বসাধাৰণ ৰাইজেই নহয়, প্ৰশ্নটো গুৰুত্বসহকাৰে উত্থাপন কৰিছে দেশৰ সচেতন নাগৰিক আৰু দল-সংগঠনেও।

জানিব পৰামতে, এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ ক্ষেত্ৰত ল’ব লগীয়া ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰ স্থিতি এতিয়াও অস্পষ্ট হৈয়ে আছে।

আনহাতে চিনাক্ত বিদেশীক প্ৰত্যৰ্পণৰ বাবে বাংলাদেশ বা আন কোনো দেশৰ সৈতে ভাৰতৰ নাই কোনো প্ৰত্যৰ্পণ চুক্তি। আনহাতে তেওঁলোকক শৰণাৰ্থীৰ মৰ্য্যাদা দিবলৈ ভাৰতত নাই কোনো শৰণাৰ্থী আইন।

এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত আজি নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ মত প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ভাৰত চৰকাৰক বাংলাদেশৰ সৈতে শীঘ্ৰেই এক বিদেশী প্ৰত্যৰ্পণ চুক্তি সম্পাদন কৰাৰ দাবী জনাইছে। আমাৰ সৈতে হোৱা বাৰ্তালাপত নাথে কয়, “নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দায়িত্ব সম্পূৰ্ণ ভাৰত চৰকাৰৰ। পৃথিৱীৰ আন দেশত বিদেশীৰ ক্ষেত্ৰত যি ব্যৱস্থা লোৱা হয় ভাৰততো তেনে এক ন্যায় সংগত ৱ্যৱস্থা হওক।”

তেওঁ লগতে বিদেশী প্ৰত্যৰ্পণৰ বিষয়টো সম্পূৰ্ণ ভাৰত চৰকাৰৰ ধনাত্মক মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি মত পোষণ কৰে।

“ভাৰতে বাংলাদেশক বন্ধু ৰাষ্ট্ৰ বুলি অভিহিত কৰে। যদি বন্ধু ৰাষ্ট্ৰ হয়েই, ভাৰতে তেওঁলোকক সৈমান কৰাই অসমত থকা বাংলাদেশী নাগৰিকসকলক প্ৰত্যৰ্পণৰ বাবে চুক্তি কৰক। বিদেশী বুলি চিনাক্ত হোৱা লোকসকলৰ যাতে লেইলেই-ছেইছেই অৱস্থা নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা লওক।” দীপাংক কুমাৰ নাথে কয়।

আনহাতে, খচৰাত বাদ পৰা কোনো লোকে আদালতৰ ওচৰ চাপিলে আইনী প্ৰক্ৰিয়াৰ বাবে এখন সম্পূৰ্ণ নাগৰিকপঞ্জী লাভ কৰাত পলম হ’ব পাৰে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত নাথে কয় যে যিসকল লোকৰ নথি থকাৰ পাছতো কিবা কাৰণত খচৰাত নাম অন্তৰ্ভুক্ত নহ’ল তেওঁলোকেহে আইনৰ ওচৰ চাপিব। কোনো নথি-পত্ৰ নথকা লোকে আইনৰ ওচৰ চাপিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত পলম হ’ব বুলি তেওঁ ভবা নাই বুলি জানিবলৈ দিয়ে। তথাপিতো তেওঁ এই গোচৰসমূহ খৰতকীয়া কৰিবলৈ ৰাজ্যত বিদেশী ন্যায়াধিকৰণৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে চৰকাৰক দাবী জনায়।

ইপিনে, খচৰাৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত এক সঠিক আৰু ন্যায়সংগত সিদ্ধান্ত লোৱাৰ আহ্বান জনাইছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

“২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে বিদেশীসকলক ডিটেনশ্যন কেম্পৰ সলনি তেওঁলোকৰ নিজ দেশলৈ পঠিয়াই দিয়াৰ কথা কৈছিল। গতিকে তাৰ বাবে চৰকাৰে ব্যৱস্থা লওক। ১৯৭১ৰ আগৰ বিদেশীৰ বোজা অসমে লৈছে গতিকে তাৰ পাছৰ কোনো বিদেশীৰ বোজা অসমে ল’ব নোৱাৰে।” দেৱব্ৰত শইকীয়াই কয়।

ইয়াৰ উপৰি শইকীয়াই চিনাক্ত হোৱা বিদেশীসকলক ভাৰত চৰকাৰে আন আন ৰাজ্যসমূহত ভগাই দিয়াৰ সিদ্ধান্ত লয় নে অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰে তাৰ ব্যৱস্থা সোনকালে কৰিবলৈ আহ্বান জনায়।

বিদেশী প্ৰত্যৰ্পণৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ বাংলাদেশৰ লগত ভাৰত চৰকাৰে সোনকালে এখন চুক্তি সম্পাদন কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা অনুভৱ কৰে বিজেপি সাংসদ আৰ পি শৰ্মায়ো। তেওঁ কয়, “এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা যিসকলৰ নথি-পত্ৰ আছে তেওঁলোকে আইনৰ ওচৰ চপাৰ সম্পূৰ্ণ অধিকাৰ আছে। আদালতত এই বিষয়ত গোচৰ চলিব আৰু আদালতে এই ইয়াৰ ৰায় দিব।

কিন্তু যিসকলে কোনো বৈধ নথি জমা দিব পৰা নাই তেওঁলোক প্ৰকৃততে কোন দেশৰ সেয়া নিৰ্ধাৰণ কৰি সেই দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা চৰকাৰে ল’ব লাগিব।”

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, বিদেশী প্ৰত্যৰ্পণৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ’ব নোৱৰা বা কোনো নীতি নথকা ভাৰত চৰকাৰে নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত বিদেশীক লৈ কি স্থিতি লয় সেয়া লক্ষণীয় হ’ব।

আনহাতে, ভাৰতে বিদেশী প্ৰত্যৰ্পণৰ বাবে চুক্তি কৰিবলৈ গ’লে বাংলাদেশ বা আন চুবুৰীয়া ৰাষ্ট্ৰই ইয়াৰ প্ৰতি কেনেকৈ সঁহাৰি আগ বঢ়ায় সেয়াও হ’ব গুৰুত্বপূৰ্ণ। মুঠৰ ওপৰত এখন বিদেশীমুক্ত অসম নিৰ্মাণৰ পথত যে আৰু বহু বাধা আছে সেয়া সুষ্পষ্ট।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd