• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাই অসমৰ ব্যৱসায় বৃদ্ধি কৰিব

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , January 4, 2018 7:37 pm

2 min read

কৃষি-উদ্যান শস্য মেলা

ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া কৃষি-উদ্যান শস্য মেলা সম্পৰ্কে সংবাদ মেলত ব্যক্ত কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই

210
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰম্ভ হ’বলগীয়া কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণটোৱে অসমৰ কৃষি খণ্ডৰ ববাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাই। শুকুৰবাৰে ৰাতিপুৱা ১১ বজাত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, অহা ৮ জানুৱাৰিৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।

প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত আয়োজন কৰা এই প্ৰদৰ্শনী মেলাখন যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল। ‘’ অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাই অসমৰ কৃষি, উদ্যান শস্য, খাদ্য সংসাধনকে ধৰি ইয়াৰ লগত সংশ্লিষ্ট খণ্ডক উদগণি যোগাব। কৃষিজাত সামগ্ৰীৰ মেলা তথা প্ৰদৰ্শনীৰ লগতে এই মেলাত আলোচনা চক্ৰ, নেটৱৰ্কৰ সমাৱেশ, পুষ্পসজ্জা, কৃষক সমাৱেশ আৰু অন্যান্য জাকজমকতাপূৰ্ণ অনুষ্ঠান থাকিব,’’- এখন সংবাদ মেলত কংষিমন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে। তেওঁ জনায় যে এই অনুষ্ঠানত বহু বিদেশী ৰাষ্ট্ৰয়ো অংশ গ্ৰহণ কৰিব।

‘’কৃষি প্ৰযুক্তি সম্পৰ্কে  বহু কথা জানিব পৰাকৈ কৃষকৰ বাবে এইখন হ’ব এখন বিশাল মঞ্চ,’’-তেওঁ কয়। তেওঁ লগতে জনায় যে অসম কৃষিখণ্ডত পিছ পৰি আছে কিন্তু এই মেলাই অসমৰ কৃষকসকলক বহু কথা জনাৰ আৰু কৃষি পদ্ধতি উন্নীত কৰাৰ বাবে সহায় কৰিব।

এই প্ৰদৰ্শনী মেলাখন আয়োজন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড আৰু ইণ্ডিয়ান চেম্বাৰ অপ কমাৰ্ছৰ সহযোগত ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য তথা খাদ্য সংসাধন বিভাগে।

‘’ দেশৰ বিভিন্ন অংশৰ ২০০ খনতকৈয়ো অধিক বিপনীয়ে মেলাত অংশ গ্ৰহণ কৰিব। এই মেলাই আমাৰ স্থানীয় কৃষকসকলক কৃষি প্ৰযুক্তি সম্পৰ্কে শিকাৰ সুযোগ আগবঢ়াব। মেলাৰ প্ৰতিটো দিনতে আলোচনাৰ অনুষ্ঠান থাকিব। এইটোৱে স্থানীয় কৃষকসকলক উপকৃত কৰিব। আমাৰ এই মেলাৰ মুখ্য লক্ষ্য হৈছে আমাৰ ব্যৱসায় বৃদ্ধি কৰা আৰু স্থানীয় কৃষকক সহায় কৰা,’’-মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।

তেওঁ জনায় যে থাইলেণ্ড, নেপাল, টাইৱান, বাংলাদেশ, ইটালী, চুইডেন, ভূটান, ম্যানমাৰ আৰু নেদাৰলেণ্ডৰ দৰে দেশে মেলাত অংশগ্ৰহণ কৰিব।

‘’উজনি অসমৰ লোকসকল নামনি অসমৰ তুলনাত কৃষি কৰ্মত কম জড়িত আৰু এই মেলাই তেওঁলোকক কৃষিৰ প্ৰতি উদগণি দিব। আমি মেলাত কৃষকৰ বাবে কৃষক প্ৰশিক্ষণৰ আয়োজন কৰিম আৰু আঁচনিসমূহ সম্পৰ্কত কৃষকৰ মাজত থকা সন্দেহ ই দূৰ কৰিব। এই প্ৰদৰ্শনীত বিশেষ গ্ৰীন হাউছ আৰু লেণ্ডস্কেপ প্ৰযুক্তিৰ বৈশিষ্ট্যসমূহ দাঙি ধৰা হ’ব,’’-কৃষিমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

 

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd