DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত পকী দলং আৰু পকী পথ বিচাৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 28, 2018 11:19 pm
School student's protest
230
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিত পকী দলং আৰু পকী পথ বিচাৰি আজি বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি আন্দোলনৰ বাবে ৰাজপথত নামিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৷

পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে মহকুমাধিপতিৰ জৰিয়তে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰালৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাঙলু বিলৰ ওপৰত থকা ৰাঙলু-শুকানীগাঁও সংযোগী দলংখন দীৰ্ঘদিন ধৰি ভাঙি পৰি আছে। যাৰ বাবে মাজৰমাটি, বড়িগাঁও, ৰজাগাঁও, শুকানীগাঁও, জাপৰি পথাৰ, তামুলী পথাৰ গাঁৱৰ ৰাইজে দলংখন নথকাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভোগি আহিছে ৷

গাঁওবাসীৰ লগতে তামুলীপথাৰ প্ৰাথমিক বিদ্যালয় আৰু তামুলীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আহোতে দলংখন নথকাৰ বাবে বহু দুৰ বাট কুৰি বাই বিদ্যালয়লৈ যাব আৰু আহিব লগা হয় ৷ ফলত ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

দলংখনৰ লগতে জৰাজীৰ্ণ বাট পথৰ বাবে এজাক বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব নোৱাৰা অৱস্থাৰ সন্মুখীন হয় ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে পূৰ্বৰ বিধায়ক আৰু বৰ্তমানৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাকো লিখিত আবেদন জনোৱাৰ পিছতো এইক্ষেত্ৰত কোনো ফল ধৰা নাই।

যাৰ বাবে আজি জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত শ্ৰেণী কোঠা এৰি দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গাঁওবাসী ৰাইজে প্ৰতিবাদী সমদল বাহিৰ কৰি পূব কাজিৰঙা গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে ৷ প্ৰতিবাদকাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অতুল বৰা মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, আমাক দলং লাগিবই, আমাক পকী পথ লাগিবই আদি ধ্বনিৰে পঞ্চায়তৰ কাৰ্যালয় চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদস্থলীত দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস উপস্থিত হোৱাত প্ৰতিবাদকাৰীয়ে মহকুমাধিপতিৰ প্ৰতিনিধি হিচাপে অহা ৰাজহ চক্ৰ বিষয়া গৰাকীক ৰাঙলু-শুকানীগাঁও সংযোগী দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতায়ত সুচল কৰাৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে ৰাজহ চক্ৰ বিষয়া গৰাকীৰ হাতত মহকুমাধিপতিৰ যোগেদি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd