কৃষ্ণ বাহাদুৰ মহৰা নেপাল সংসদ ভৱনৰ নতুন অধ্যক্ষ

Krishna Bahadur Mahara

কৃষ্ণ বাহাদুৰ মহৰা

নেপাল কমিউনিষ্ট পাৰ্টি (মাওইষ্ট কেন্দ্ৰ)ৰ সাংসদ কৃষ্ণ বাহাদুৰ মহৰা নেপাল সংসদ ভৱনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।

সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত প্ৰতিবেদন মতে, পদবীটোৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী হিচাপে মহৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ নিৰ্বাচিত হয়।

আজি দিনৰ ১১.২০ বজাত মহৰাই সংযুক্তিয় সংসদ ভৱনত গৈ তেওঁৰ মনোনয়ন দাখিল কৰিছিল।

জানিব পৰা মতে, চি পি এন- ইউ এম এলৰ নেতা সুভাশ চন্দ্ৰ দাসে অধ্যক্ষৰ বাবে মহৰাৰ নামটো প্ৰস্তাৱ কৰাৰ লগতে চি পি এন (এম চি)ৰ নেতা দেব গুৰুঙে উক্ত প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াই।

আনহাতে দেশখনৰ সংসদ ভৱনৰ অধ্যক্ষৰ বাবে নেপালৰ প্ৰধান বিৰোধী দল নেপালী কংগ্ৰেছে কোনো প্ৰাৰ্থী আগ নবঢ়ালে।

প্ৰাপ্ত তথ্য মতে, নেপালী কংগ্ৰেছৰ মুখপাত্ৰ বিশ্ব প্ৰকাশ শৰ্মাই জনায় যে সংসদ ভৱনৰ অধ্যক্ষজনৰ গ্ৰহণযোগ্য ব্যক্তিত্ব আৰু নিৰপেক্ষ ব্যৱহাৰে সংসদ আৰু সংসদীয় ব্যৱস্থাৰ মৰ্যাদা উন্নিত কৰিব বুলি তেওঁলোকে বিশ্বাস কৰিয়ে পদবীটোৰ বাবে তেওঁলোকৰ ফালৰ পৰা কোনো প্ৰাৰ্থী থিয় নকৰালে।

তেওঁ কয় যে, ইপ্সিত পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকাটোৱে সৰ্বসন্মতভাৱে এগৰাকী নতুন অধ্যক্ষ নিৰ্বাচিত হোৱাত সহযোগ কৰাটোকে বুজায়।