• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা ভূমিকম্পৰ বিভীষিকাঃ নেপালত কমেও ৭০ জন লোকৰ মৃত্যু; কঁপাই গ’ল উত্তৰ ভাৰতৰো বহু অঞ্চল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 7:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3.5k
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা নেপালকে ধৰি উত্তৰ ভাৰতৰ বিস্তৃত অঞ্চল এক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪। এই অতি শক্তিশালী ভূমিকম্পত এতিয়ালৈকে নেপালত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে। যোৱা নিশাৰ ভূমিকম্পই নেপালৰ বাহিৰেও দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰকে ধৰি ভাৰতৰ বহু অঞ্চল কঁপাই গৈছিল। অৱশ্যে ভাৰতত এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই।

ইপিনে, নেপালত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। স্থানীয় প্ৰশাসনে জনাইছে যে ভূমিকম্পৰ বাবে বহু ঠাইৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এনে পৰিস্থিতিত নিশাৰ পৰা উদ্ধাৰ অভিযানৰ কাম আৰম্ভ হয়। এই পৰ্যন্ত ৭০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, যে ভূমিকম্পত আৰু বহু লোক আহত হৈছে। ইয়াৰে বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত ভূটানৰ ৰজা; মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় বিষয়াবৰ্গৰ আদৰণি

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা ১১:৩২:৫৪ বজাত নেপালত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমে আছিল এই ভয়ংকৰ ভূমিকেন্দ্ৰৰ কেন্দ্ৰস্থল। এই ভূমিকম্পৰ উৎপত্তি ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত।

আনহাতে, ভূমিকম্পৰ উৎস স্থল ভাৰত সীমান্তৰ সমীপতে আছিল। এই পৰিস্থিতিত দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি ভাৰতৰ বহু প্ৰান্তত জোকাৰণি অনুভৱ হৈছিল। উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ২০৮ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবে, যোশীমথৰ পৰা ৩১৭ কিলোমিটাৰ দক্ষিণ-পূবে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২৫৩ কিলোমিটাৰ উত্তৰ আৰুউত্তৰ-পূবে আৰু উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰত আছিল এই ভূমিকম্পৰ কেন্দ্ৰস্থল।

উল্লেখ্য যে নেপালত যোৱা এমাহত তিনিটাকৈ প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ২০১৫ চনত নেপালত ভয়ংকৰ ভূমিকম্প হৈছিল। ইয়াৰ ফলত প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু হয়। প্ৰায় ২২ হাজাৰ লোক আহত হয়। যোৱা নিশাৰ ভূমিকম্পই ২০১৫ চনৰ আতংক নেপালক মনত পেলাই দিছে।

লগতে পঢ়কঃধৰ্ষণ কৰি হত্যা, টুকুৰা-টুকুৰ কৰি কাটিলে মহিলাৰ মৃতদেহ

নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে যে প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। নিশাৰ পৰা আৰম্ভ হৈছে জৰুৰীকালীন উদ্ধাৰ অভিযানৰ কাম।

নেপালৰ ৰুকুম জিলাত বহু ঘৰ ভাঙি পৰিছে। সেইদৰে, ভূমিকম্পৰ পিছত জাজাৰকোট গাঁৱৰ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ হোৱা নাছিল বুলি জানিব পৰা গৈছে। সেই গাঁৱত বহুত মানুহৰ বসতি। পিছত নিশালৈ জাজাৰকোট জিলাৰ বিষয়া সুৰেশ কুমাৰ সুনাৰে ​​জনায় যে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। আঘাতপ্ৰাপ্ত বহু লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd