DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে অসম আকৌ জ্বলিব : অনুপ চেতিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 11, 2018 4:56 pm
আলফাৰ নেতৃবৰ্গৰ সংবাদমেল। ফটো : য়ু বি।

আলফাৰ নেতৃবৰ্গৰ সংবাদমেল। ফটো : য়ু বি।

106
VIEWS
Share on FacebookShare on Twitter

“আমি ৰাইজৰ লগত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগুৱাই যাম। জিতেন দত্তই একেটা কথাই কৈছে, আমিও একেটা কথাই কৈছো। ভাৰত চৰকাৰে যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰে তেন্তে অসম জ্বলিব। কাৰণ অসমৰ নৱপ্ৰজন্মই ভাৰতৰ এই অবিবেচনামূলক সিদ্ধান্ত কেতিয়াও আদৰি ল’ব নোৱাৰে। নৱপ্ৰজন্মই তেতিয়া সশস্ত্ৰ পন্থালৈ, যিহেতু এতিয়াও সংযুক্ত মুক্তি বাহিনী অসম জীৱিত হৈ আছে, সেয়েহে নৱপ্ৰজন্ম সেই দিশলৈ গতি কৰিব। এই কথা আমি আটায়ে উপলব্ধি কৰিছো।”

আজি সংযুক্ত মুক্তি বাহিনী অসমৰ (আলোচনাপন্থী) কাৰ্য্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই এই মন্তব্য কৰে।

মেঘালয়ৰ সকলো শ্ৰেণীৰ জনসাধাৰণে এই আইনখনৰ বিৰুদ্ধে মত পোষণ কৰিছে বুলি উল্লেখ কৰি চেতিয়াই কয় যে অসমত তেওঁলোক এটা লজ্জাজনক অৱস্থাত আছে, অসমৰ কিছুসংখ্যক লোকে এই বিধেয়কখনত সন্মতি জনাইছে। তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হওক বুলি আশা প্ৰকাশ কৰে চেতিয়াই। জাতিৰ স্বাৰ্থত যাতে সকলো একত্ৰিত হৈ থিয় দিয়ে তাৰ বাবে অসমবাসীলৈ আহ্বান জনায় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

তেওঁৰ কয়, “অসমীয়া ভাষা-সংস্কৃতি যদি হেৰুৱাবলগীয়া হয়, তেন্তে ইতিহাসতহে থাকিব এসময়ত অসমত এটা অসমীয়া নামৰ জাতি আছিল।”

আনহাতে, ৰেৱতী ফুকন সন্ধানহীন হোৱাৰ ঘটনাত চেতিয়াই উদ্বিগ্নতা প্ৰকাশ কৰি কয়, “তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতি এটা কথাই অনুমান হৈছে যে তেওঁ আত্মহত্যা কৰিব পৰাকৈ পাৰিবাৰিক বা ব্যক্তিগতভাৱে তেনেকুৱা পৰিস্থিতি সৃষ্টি হোৱা নাছিল। কোনোবাই তেওঁক ইচ্ছাকৃতভাৱেই অপহৰণ কৰি নিছে। অপহৰণ কৰা বুলি এটা কাৰণতেই সন্দেহ কৰিছো যদি তেওঁ আত্মহত্যা কৰিলেহেঁতেন নিশ্চয় তেওঁৰ মৃতদেহটোৰ সন্ধান ওলাল হেঁতেন। যিয়ে অপহৰণ নকৰক তেওঁলৈ আহ্বান জনাইছো, ৰেৱতী ফুকনক পৰিয়ালবৰ্গৰ হাতত গতাই দিয়ক।”

শান্তি আলোচনাৰ লগত থকা এন এছ চি এন(আই এম), এন এছ চি এন ৰিফৰমেচন, এন ডি এফ বি (পি),  মেঘালয়ৰ খাচি, গাৰো সংগঠন, কাৰ্বি লংৰি, নৰ্থ কাছাৰ হিলচ লিবাৰেইশ্যন ফ্ৰণ্ট, আদি গোটৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে এখন সংগ্ৰাম গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি শুকুৰবাৰৰ সংবাদ মেলত চেতিয়াই উল্লেখ কৰে।

ইতিমধ্যে কেন্দ্ৰৰ পৰা এখন জাননী পোৱা বুলি সদৰী কৰি চেতিয়াই কয়, “মই অস্ত্ৰবিৰতিৰ নীতি-নিয়ম উলংঘা কৰা বুলি আজিৰ পৰা ডেৰ মাহ আগতে এই জাননীখন আহিছিল। আমাৰ ইচ্ছা থাকিলেও কিছু ক্ষেত্ৰত আমি আগ বাঢ়ি যোৱাত আমাৰ অসুবিধা আছে।”

ইফালে, আলফাৰ মাজত বিভাজন হোৱা কথাটো মিছা বুলি কৈ চেতিয়াই লগতে কয়, “নিজৰ মনৰ ক্ষোভবোৰ প্ৰকাশ কৰা মানে বিভাজন নহয়”।

“হৰি শংকৰ ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনৰ কথাটো দুখজনক। তেওঁলোকে ৬-৭জন মানুহ ঐক্যবদ্ধ হৈ এখন প্ৰতিবেদন দিয়াহেঁতেন ভাল আছিল। দুখন প্ৰতিবেদন দিয়াটো দুৰ্ভাগ্যজনক বুলি আমি কওঁ।” চেতিয়াই কয়।

আনহাতে, সেই একেখন সংবাদমেলতে উপস্থিত থকা অৰবিন্দ ৰাজখোৱাই জিতেন দত্তৰ হুংকাৰৰ মন্তব্য প্ৰকাশ কৰি কয়, “পূৰ্বতে যিদৰে কেন্দ্ৰৰ সৈতে মতৰ বিভেদ হোৱাৰ বাবেই আমি হাতত অস্ত্ৰ তুলি লৈছিলো, ঠিক তেনেকুৱা এটা অৱস্থাৰে আকৌ সৃষ্টি হ’বলৈ গৈ আছে। এনেকুৱা ধৰণৰ পৰিস্থিতিত এনেকুৱা মন্তব্য কৰাটো স্বাভাৱিক কথা। ৰাষ্ট্ৰ ব্যৱস্থাটোৱে আমাৰ মাজলৈ এই পৰিস্থিতিটো থেলি দিছে। এনে পৰিস্থিতিত ক্ষোভৰ সীমা চেৰাই গ’লে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে। অস্ত্ৰবিৰতি ঘোষণা কৰিছো যদিও আমি কথা ক’বলৈ এৰি নিদিও, আমি প্ৰতিবাদ কৰিয়েই যাম।”

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd