ক্ষতিপূৰণৰ বাবে এন চি হিলছ ষ্টুডেণ্টছ ফৰামৰ ১৫ দিনৰ সময়সীয়া উত্তৰ-পূব ৰেলৱেক

Lumding-Silchar-BG-Railway-Line

ডিমা হাছাওত ব্ৰডগজলৈ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক ১৫ দিনৰ সময়সীমা বান্ধি দিছে এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে।

উল্লেখ্য যে লামডিঙৰ পৰা শিলচৰলৈকে ব্ৰডগজ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ বাবে  ভূমি অধিগ্ৰহণ কৰাৰ সময়ত ডিমা হাছাও জিলাৰ ৫০০তকৈও অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল।

ব্ৰড গজলৈকে ৰেলপথ সম্প্ৰসাৰণ প্ৰকল্প বাস্তৱায়িত কৰাৰ সময়ত উত্তৰ-পূব সীমান্ত ৰেলৱেই জনজাতীয় লোকসকলৰ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে।

ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পত্তিৰ ক্ষতিপূৰণ দিয়াৰ দাবীত এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে দীৰ্ঘ দিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে।

ক্ষতিপূৰণৰ বিষয়টো আলোচনা কৰাৰ বাবে ডিমা হাছাও জিলাৰ সদৰ হাফলঙত ফেব্ৰুৱাৰিৰ ২৭ তাৰিখে প্ৰথমখন আলোচনাচক্ৰ আয়োজন কৰা হৈছিল যদিও ৰেলৱে বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল সেই সভাত উপস্থিত নথকা বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে আলোচনাচক্ৰখন বৰ্জন কৰিছিল।

তাৰ পাছত ২০১৮ৰ ২৮ ফেব্ৰুৱাৰিত দ্বিতীয় বাৰৰ বাবে ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত ৰেলৱেৰ লামডিং ডিভিজনৰ ডি আৰ এম এম প্ৰমোদ কুমাৰ জৈন, এন এফ ৰেলৱেৰ মুখ্য অভিযন্তা ৰাজেন্দ্ৰ প্ৰসাদ জিংগাৰ, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (বিশেষ শাখা) পল্লব ভট্টাচাৰ্য, ড়িমা হাছাওৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰু ডিমা হাচাওৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ উপস্থিতিত আন এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়।

আলোচনাত সিদ্ধান্ত মৰ্মে ক্ষতিপূৰণ কৰাৰ বাবে এমাহৰ সময় বিচৰা হৈছিল যদিও এমাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।

তাৰ পাছত ছাত্ৰ সংগঠনটোৱে ৩ দিনৰ সময়সীমা দিয়ে আৰু ৰেলৱে কৰ্তৃপক্ষ ইয়াতো ব্যৰ্থ হয়। তাৰ পাছত ডিমা হাচাওৰ উপায়ুক্তই পুনৰ এমাহৰ সময় বিছাৰে।এই সন্দৰ্ভত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে আলোচনা কৰিবলৈ এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে বুধবাৰে এখন সভা আহ্বান কৰে আৰু উপায়ুক্তৰ অনুৰোধৰ প্ৰতি সঁহাৰি দি ৰেলৱে কৰ্তৃপক্ষক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ১৫ দিনৰ সময়সীয়া দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামৰ সভাপতি ডেভিদ কইৱমে নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে ক্ষতিপূৰণৰ বিষয়টো সমাধান কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষক ২০১৮ৰ ১৮ এপ্ৰিললৈকে সময় দিয়া হৈছে। এই সময়সীমাৰ ভিতৰত প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ’লে ১৯ এপ্ৰিলত ডিমা হাছাওত ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুমকি দিছে ছাত্ৰ সংগঠনটোৱে।