কৰ্ণাটকত বিজেপিৰ চৰকাৰ গঠনক লৈ মেঘালয় প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

Meghalaya Pradesh Congress Commitee

কৰ্ণাটকৰ ৰাজ্যপাল ভাজুভাই আৰ ভালাই কংগ্ৰেছ-জেডি(এছ) মিত্ৰজোটক আমন্ত্ৰণ নকৰি বিজেপিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰাৰ প্ৰতিবাদত মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এটা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে।

আজি দিনৰ ১১-৩০ বজাত শ্বিলংস্থিত কংগ্ৰেছ ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতৃবৰ্গই জনাইছিল যে মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যপাল গংগা প্ৰসাদৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ গণতন্ত্ৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে আৱেদন জনাব।

উল্লেখ্য যে ১০৪খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিক কৰ্ণাটকৰ ৰাজ্যপালে চৰকাৰ গঠন কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল আৰু বি এছ য়েডিয়ুৰাপ্পাই বৃহস্পতিবাৰে কৰ্ণাটকৰ নতুন মুখ্য মন্ত্ৰী বিচাপে শপত গ্ৰহণ কৰে।

বিজেপিয়ে ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা হেতুকে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১২ৰ অধিক আসন লাভ কৰা কংগ্ৰেছ-জেডি (এছ) মিত্ৰজোঁটক ১১৬ খন আসন লাভ কৰা সত্তেও ৰাজ্যপালে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা নাছিল।

কংগ্ৰেছে দাবী কৰিছিল যে যিহেতু কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়া হৈছে, ঠিক একেদৰে গোৱা, মণিপুৰ, আৰু মেঘালয়তো একক সংখ্যগৰিষ্ঠ দল হিচাপে বিজয়ী হোৱা কংগ্ৰেছক উক্ত ৰাজ্যকেইখনত চৰকাৰ আমন্ত্ৰণ জনোৱা উচিৎ আছিল।