DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসাদত বিষক্ৰিয়া ঘটি কাৰ্বি আংলং জিলাৰ কামপুৰিয়া গাঁৱৰ ৬০ গৰাকীৰো অধিক লোক অসুস্থ

নংনী টেৰাং by নংনী টেৰাং
April 29, 2018 10:05 pm
food poisoning 1
96
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত কামপুৰিয়া গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি গাঁৱখনৰ ৬০গৰাকীৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শনিবাৰে কামপুৰিয়া গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠত বিতৰণ কৰা প্ৰসাদ খোৱাৰ পাছতে গাঁওখনৰ লোকসকল হঠাতে অসুস্থ হৈ পৰে।

খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰা শিশু, মহিলা আৰু পুৰুষসকলক ততাতৈয়াকৈ ৩০খন বিছনাযুক্ত হাওৰাঘাট চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয় আৰু ডোকমোকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে চিকিৎসাধীন ৯ গৰাকী লোকক কিছু সময়ৰ পাছতে চিকিৎসা প্ৰদান কৰি ঘৰলৈ ওভটাই পঠোৱা হয়।

উল্লেখ্য যে আজি ৰাতিপুৱা ১০ বজাতহে এই ঘটনা পোহৰলৈ আহে। অৱশ্যে কিছু লোক স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰা লোকসকলৰ অৱস্থাৰ বুজ ল’বলৈ আজি চিকিৎসালয়ত উপস্থিত হয় অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল।

ঘটনা সন্দৰ্ভত উপায়ুক্ত মৃণাল কুমাৰ মহন্তই নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়-‘জিলা প্ৰশাসনৰ অনুমতি অবিহনে গাঁৱবাসীয়ে নামঘৰত ভাগৱত পাঠৰ আয়োজন কৰিছিল। অতি বিষাক্ত দ্ৰব্য সম্বলিত বুট মাহ  খোৱাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সন্দৰ্ভত বুট মাহ যোগান ধৰা ব্যৱসায়ীৰ বিৰুদ্ধে আমি প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছো’।

তেওঁ লগতে কয়, ‘খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ অতিৰিক্ত উপায়ুক্তক নিৰ্দেশ দিছো। ভাগৱত পাঠ কাৰ্যসূচীত অংশ লোৱা অধিকাংশ লোকে প্ৰসাদ খোৱাৰ ফলতে অসুস্থ হৈ পৰিছে আৰু কিছু লোক অসুস্থ হোৱা নাই। এই চিকিৎসাধীন লোকসকলক চিকিৎসকে যথাসম্ভৱ চিকিৎসা প্ৰদান কৰি আছে’।

আনহাতে স্থানীয় বিধায়ক জয়ৰাম ইংলেঙেও ঘটনাৰ বুজ ল’ব বুলি জানিব পৰা গৈছে।

Recent News

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd