• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘গগৈ-মগৈ’ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰক: আম আদমি পাৰ্টী

ৰিপুণ বৰাকো তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সভাপতি পদৰ পৰা অপসাৰণৰ দাবী আপৰ>ৰূপজ্যোতি কুৰ্মীয়ে পৱিত্ৰ হেংদাঙক কৰা অপমানক সংস্কৃতিৱান কোনেও সহজভাৱে মানি নলয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 5:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমি পাৰ্টীয়ে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি সহ্য নকৰে। কংগ্ৰেছৰ দিনৰে পৰা চলি অহা সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ দিনত চৰম পৰ্যায়ত উপনীত হৈছে। ই দেশৰ বাবে বা ৰাজ্যখনৰ বাবে অতি অশুভ পৰম্পৰা। এই পৰম্পৰা আম আদমি পাৰ্টীয়ে কেতিয়াও চলি থাকিবলৈ নিদিয়ে। শেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দাসে ‘গগৈ-মগৈ’ বুলি এক মন্তব্য দি সমগ্ৰ গগৈ উপাধিধাৰীসকলৰ লগতে এক বিশেষ সম্প্ৰদায়ক তুচ্ছ জ্ঞান কৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।

আম আদমি পাৰ্টীয়ে অনুভৱ কৰে যে মন্ত্ৰী ৰঞ্জিত দাসৰ এই মন্তব্য জঘন্য সাম্প্ৰদায়িক আৰু এটা সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰাৰ চূড়ান্ত উদাহৰণ। সেয়ে আম আদমি পাৰ্টীয়ে দাবী জনাইছে যে এনে জঘন্য সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক  বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাম যে ৰঞ্জিত দাসৰ তৎক্ষাণিকভাৱে বিধায়কৰ পদ খাৰিজ কৰিব লাগে।

Apply Now

উল্লেখ্য যে ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধিক সাঙুৰি কৰা এটা মন্তব্যৰ বাবে যোৱা মাৰ্চ মাহত ছুৰাটৰ এখন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছিল। এই ৰায়ৰ আলমতে লোকসভাৰ সচিবালয়ে ততাতৈয়াকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। উপাধিক লৈ কৰা মন্তব্যত যদি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ’ব পাৰে, ৰঞ্জিত দাসৰ বিধায়কৰ পদ কিয় খাৰিজ কৰা নহ’ব?

তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাও ‘তিনি গগৈ’ক লৈ এক সাম্প্ৰদায়িক মন্তব্য কৰা আমাৰ চকুত পৰিছে। আম আদমি পাৰ্টীয়ে তৃণমূল কংগ্ৰেছৰ নেতৃত্বক দাবী জনাইছোঁ যাতে দলটোৰ নেতৃত্বঽই অসমৰ জনতাৰ প্ৰতি সন্মান জনাই এনে সাম্প্ৰদায়িক মন্তব্য কৰা ৰিপুণ বৰাক সাভাপতি পদৰ পৰা অপসাৰণ কৰে।

বিজেপিৰ এজন বহুবল্কী বিধায়ক, যিজনক একমাত্ৰ বিতৰ্কিত কথা ক’বলৈ বহুৱাই থোৱা হৈছে, তেওঁ হ’ল ৰূপজ্যোতি কুৰ্মী। এইজন বিধায়কে পৱিত্ৰ হেংদাঙক লৈ যি ফটুৱামি কৰিলে, সেই কথা কোনো সংস্কৃতিৱান লোকে সহ্য কৰিব নোৱাৰে। তেওঁ আগে-পিছে এনে লাগ-বান নোহোৱা কথা কয় বাবেই তেওঁক ৰাইজে পুতৌ কৰি ক্ষমা কৰি দিব নেকি? এনে সাম্প্ৰদায়িক মানসিকতাৰ লোক ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে বিষাক্ত সাপৰ দৰে। এই সাপ ৰাইজে পিঞ্জৰাবদ্ধ নকৰিলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন সদায় বিষাক্ত হৈ থাকিব। আম আদমি পাৰ্টীয়ে দাবী জনাইছোঁ যাতে বিজেপিৰ নেতৃত্বই এনে সদস্যৰ জিভাত লেকাম লগাওক। অসমৰ ৰাজনীতি সাম্প্ৰদায়িকতামুক্ত কৰক বিজেপিয়ে।

আজিৰ সংবাদমেলত উপস্থিত থাকে আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ, মুখপাত্ৰ হেমন্ত ফুকন আৰু হেপ্পী গগৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd