গুবাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে নতুন প্ৰজাতিৰ মাছ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ লাৰ্কেট গাৱঁৰ গুহাত এবিধ নতুন প্ৰজাতিৰ মাছ আৱিষ্কৃত হৈছে। নিউজিলেণ্ডৰ পৰা প্ৰকাশিত Zootaxa নামৰ এখন ছায়েন্স জাৰ্নেলে এই কথা প্ৰকাশ কৰিছে। মাছবিধৰ নাম গুহাটো থকা গাওঁখনৰ নামৰ সৈতে সংগতি ৰাখি ছিচতুৰা লাৰ্কেনটেনছিছ (Schistura larketensis) ৰখা হৈছে। Schistura হ’ল এবিধ বটিয়া জাতীয় মাছৰ জিনাছ। জাৰ্নেলখনত প্ৰকাশ পোৱা মতে এই মাছবিধ অন্ধ আৰু একেৰাহে অন্ধকাৰ গুহাৰ পৰিৱেশেই তাৰ কাৰণ বুলি কোৱা হৈছে। এই কথা ব্যক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু নৰ্থ-ইষ্টাৰ্ন হিল য়ুনিভাৰ্ছিটিৰ বৈজ্ঞানিকেৰে গঠিত এটা যুটীয়া গোটে। আনহাতে গোটটোৱে এইটোও কৈছে যে মাছবিধে ক’লা পানীত বাস কৰাৰ বাবে ইহঁতৰ ৰং হেৰুৱাইছে।

উল্লেখযোগ্য যে মাছবিধ থকা গুহাটো সাগৰপৃষ্ঠৰ পৰা ৮৮০ মিটাৰ উচ্চতাত আছে আৰু তাৰ দৈৰ্ঘ্য প্ৰায় ৭ কিলোমিটাৰ। জানিব পৰামতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন আগ শাৰীৰ গৱেষক খুৰ মুখিমে ২০০৮ চনতে চলোৱা এটা অভিযান সময়ত এই অন্ধ মাছবিধ দেখা পায়।

গৱেষক খুৰ মুখিমে কয় যে যদিও এই মাছবিধক কেইবা বছৰো পূৰ্বেই দেখা গৈছিল তথাপি ইয়াৰ বিষয়ে অধ্যয়ন মাত্ৰ কিছু দিনৰ আগেয়ে কৰা হৈছে, কাৰণ মাছবিধ যে এটা নতুন প্ৰজাতিৰ অন্তৰ্গত আৰু সিহঁত অন্ধ এই কথাটো তেওঁ উপলব্ধ বিভিন্ন তথ্যপাতিৰে প্ৰতিপাদন কৰিব লগীয়া হৈছিল।

গৱেষণাৰ বাবে মাছৰ নমুনা গুহাটোৰ প্ৰৱেশপথৰ পৰা প্ৰায় ১,৬০০ ফুটমান ভিতৰলৈ থকা সৰু আকাৰৰ বন্ধ পানীৰ ডোঙাৰ পৰা সংগ্ৰহ কৰা হৈছিল, যাৰ কালি মাত্ৰ কেইমিটাৰমান আৰু প্ৰায় ১-২ মিটাৰ গভীৰতা আছিল। পানীৰ ডোঙাবোৰৰ তলি ঘাইকৈ বালি আৰু সৰু শিলেৰে ভৰা।

গুহাটোৰ ভিতৰত এই প্ৰজাতিটোৰ লগতে বিশেষ প্ৰজাতিৰ কেঁকোৰা, মিছামাছ, মকৰা, উঁইচিৰিঙা, পঁইতাচোৰা, কেৰেলুৱা, সৰু ভেকুলী আৰু সাপ পোৱা গৈছে।

সূত্ৰটোৱে কোৱামতে বিজ্ঞানীসকলে পূৰ্বে এই গুহাটোৰ এটা পথৰ বোকাময় মজিয়াত কেঁটেলাপহুৰ খোজৰ ছাপ আৰু কাঁইট পাইছিল।