• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত অসম সাহিত্য সভাৰ প্ৰথম ড০ পৰাগমণি শৰ্মা স্মাৰক বক্তৃতা সম্পন্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2018 9:17 am

2 min read

31444692_1749393651783984_2341932698994676606_n
113
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰয়াত সহযোগী অধ্যাপক ড০ পৰাগমণি শৰ্মাৰ সোঁৱৰণত শনিবাৰে অসম সাহিত্য সভাই ‘উত্তৰ-পূব লোক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা’ শীৰ্ষক এখন স্মাৰক বক্তৃতাৰ আয়োজন কৰে।

লোক-সংস্কৃতি বিভাগৰ অধ্যাপক পৰাগমণি শৰ্মাৰ সোঁৱৰণত স্মাৰক বক্তৃতা অনুষ্ঠিত হয় গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰাগমণি শৰ্মা কক্ষত।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ভাষণ দি ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কলা আৰু সমাজ বিজ্ঞান বিভাগৰ কলাগুৰু ড০ ৰবীন্দ্ৰ নাথ শৰ্মাই ভাষণ দি কয় যে পূৰ্বতে অসম লোক-সংস্কৃতিৰ বিশেষ চৰ্চা হোৱা নাছিল যদিও যোৱা শতিকাৰ শেষৰ ফালৰ পৰা এই ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি যথেষ্ট চহকী। লেক নৃত্য, লোক নাট্য, ঢোল বাদ্য, লিপি, গহণা, খেল-ধেমালি আদি বিষয়বোৰত চৰ্চা আৰু অধ্যয়নৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰৰ পৰাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত অসম সাহিত্য সভাই বিশেষ ভূমিকা ল’ব পাৰে।

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ড০ পৰাগমণি শৰ্মাৰ পিতৃ দামোদৰ শৰ্মাই  পৰাগমণি শৰ্মাৰ জীৱনৰ বিষয়ে আলোকপাত কৰি তেওঁৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানটোত কামৰূপ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰনৱ বৰা, বিত্তীয় কোষৰ আহ্বায়ক অৱনী মোহন চহৰীয়া, দিল্লী সাহিত্য সভাৰ সম্পাদক হৃদয় কুমাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd