• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত নাথাকিব বিপদজনক অট্টালিকা : ছীল কৰিবলৈ সাজু পৌৰনিগম

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 19, 2018 10:53 pm

3 min read

মেয়ৰ শৰণীয়া
275
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ বিপদসংকুল অট্টালিকাসমূহ পৌৰ নিগমে ছীল কৰাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সদৰী কৰে।

ইতিমধ্যে বহুখিনি বিপদজনক অট্টালিকাত জাননী জাৰি কৰা হৈছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘যিহেতু আমাৰ কাৰ্য্যকাল ৩০ জুলাইত শেষ হ’ব, গতিকে গুৱাহাটী পৌৰনিগমে এই অট্টালিকাসমূহ ছীল কৰাৰ ক্ষেত্ৰত বা ভাঙি দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছো।‘

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ শেষৰখন কাউন্সিলিং অনুষ্ঠিত কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ যোগে এই কথা সদৰী কৰে শৰণীয়াই। উক্ত কাউন্সিলিঙতে চৰকাৰে ২০১৮-১৯ চনৰ বাবে গুৱাহাটী উন্নয়নৰ বাবে ধাৰ্য কৰা প্ৰায় ৯৩ কোটি টকাৰে কেনেধৰণৰ উন্নয়নমূলক কাম কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হ’ব বুলি শৰণীয়াই সাংবাদিকক জানিবলৈ দিয়ে।

আনহাতে, ফাঁচিবজাৰ, পানবজাৰকে ধৰি বিভিন্ন অঞ্চলৰ বিপদজনক অট্টালিকাসমূহত ইতিমধ্যে জাননী জাৰি কৰা হৈছে।

তদুপৰি গুৱাহাটী পৌৰ নিগমৰ বিপদজনক অট্টালিকা ছীল কৰাটো চলি থকা প্ৰক্ৰিয়া বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘আমাৰ কাৰ্য্যকাল শেষ হ’লেও বিপদজনক অট্টালিকাসমূহ পৰৱৰ্তী পৰ্য্যায়ত প্ৰশসনেও ছীল কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব।

আনহাতে, বিভিন্ন ৱাৰ্ডত বৰ্তমানো ৰাস্তা-ঘাটৰ অৱস্থা একেবাৰে তথৈবচ বুলি সাংবাদিকে উল্লেখ কৰাত মেয়ৰগৰাকীয়ে দাবী কৰি কয়, ‘বিভিন্ন ৱাৰ্ডত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও প্ৰায়বোৰত ইতিমধ্যে কামবোৰ শেষ হৈছে। মোৰেই ৱাৰ্ডত প্ৰায় ৭০ শতাংশ কাম শেষ কৰিবলৈ সক্ষম হৈছো।‘

তদুপৰি তেওঁলোকৰ কাৰ্য্যকালৰ ভিতৰতে ঠিকাদাৰসকলক বিল প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়াৰ লগতে তেওঁ কয়, ‘৪২ কোটি ৮৯ লাখ টকা ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ পুঁজিত আছে, সেই টকাখিনি ঠিকাদাৰসকলে পাবলৈ সক্ষম হ’ব।‘

ইপিনে, গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে চৰম হেমাহি কৰা বুলি মহানগৰবাসীয়ে অভিযোগ কৰি থকাৰ সময়তে তেওঁ গুৱাহাটী পৌৰনিগমৰ হাতত উন্নয়নমূলক পুজি পৰ্য্যাপ্ত পৰিমাণত আছে বুলি সদৰী কৰে।

তেওঁ লগতে কয়, ‘চৰকাৰে পুঁজি দিয়াৰ পাছতেই আমি নিবিদা গ্ৰহণ কৰিছো। পৰৱৰ্তী সময়ত ৬৫ কোটি টকাৰ চিলিং আহিছে, সেই সম্পৰ্কেও কাউন্সিলিঙত আলোচনা কৰা হ’ব।

আনহাতে মেয়ৰ শৰণীয়াৰ কাৰ্যকালত উন্নয়নমূলক পুঁজিৰ বাবদ ২ কোটি টকাতকৈও অধিক ধন চৰকাৰৰ পৰা পাবলৈ সক্ষম হোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে।

ইয়াৰোপৰি চৰকাৰে ২০১৮-১৯ৰ গুৱাহাটী উন্নয়নৰ বাবদ ধাৰ্য কৰা ৯২ কোটি কৰাৰ  প্ৰতিগৰাকী কাউন্সিলাৰক ১ কোটি টকাকৈ ৰাস্তাঘাট নিৰ্মাণ বা অন্যান্য উন্নয়নমূলক কামৰ বাবে দিয়া হ’ব বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘প্ৰতিটো ৱাৰ্ডত জাৱৰ নিস্কাষণ কৰাৰ বাবদ প্ৰত্যেকগৰাকী কাউন্সিলাৰক ৫০ লাখ টকাকৈ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব।‘

কাইলৈ অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাৰ পাছতে সভাত প্ৰস্তাৱিত আঁচনিখিনি গৃহীত কৰি চৰকাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে গুৱাহাটী মহানগৰীৰ উন্নয়ন নোহোৱা বুলি কিছুসংখ্যকে কৰা অভিযোগ তেওঁ পোনছাতেই নাকচ কৰি কয়, ‘দুবছৰতে ভুকুতে কলটো পকাব নোৱাৰি। তথাপি ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ চেষ্টা কৰি আছো। দুবছৰৰ কাৰ্য্যকালৰ ওপৰত ভিত্তি কৰি মহানগৰবাসীয়ে ইয়াৰ উত্তৰ পৰৱৰ্তী নিৰ্বাচনত দিব।‘

আনহাতে, তেওঁলোকৰ কৰ্মৰ নমুনাৰ অংশ হিচাপে বায়’ মেট’নেশ্যন গেছৰ  প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ সাংবাদিকক কয়, ‘সেয়া উত্তৰ-পূবৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰা হৈছে।

ইয়াৰোপৰি অহা দু-মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব যাৰ দ্বাৰা ৪ হাজাৰ লাইট জ্বলিবলৈ সক্ষম হ’ব বুলি তেওঁ সসদৰী কৰে।

উল্লেখ্য যে, ‘১৯৭৪ চনৰে পৰা গুৱাহাটী পৌৰ নিগমৰ এখন পৰিষদ যোৱাৰ পাছত কিছুসময় মাজত থাকে তাৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত হয়।‘ এনেদৰে উল্লেখ কৰি তেওঁ লগতে কয়, ‘নতুনকৈ পৰিষদ এখন নিৰ্বাচিত নোহোৱালৈকে পৌৰ প্ৰশাসকে গুৱাহাটী পৌৰ নিগম চলাই নিব। ১ আগষ্টত এজন পৌৰ প্ৰশাসক নিযুক্তি দিব চৰকাৰে।‘

ইয়াৰোপৰি, ৩১ জুলাইত কাৰ্য্যকাল শেষ হোৱাৰ পাছতো বিজেপিৰ অধীনত থকা গুৱাহাটী পৌৰ নিগমে সামাজিক দায়বদ্ধতা পালন কৰি যাব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত কয়।

 

Recent News

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd