• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ বিক্ষোভ: গুৱাহাটীত ৭-৯ মে’লৈ নচলিব অলা-উবেৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2018 12:25 pm

2 min read

ola and uber

প্ৰতিনিধিত্বমূলক চিত্ৰ

132
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত তিনিদিনৰ বাবে অচল হ’ব কেব সেৱা। অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সিদ্ধান্ত অনুসৰি অহা ৭, ৮ আৰু ৯ মে’ত অলা আৰু উবেৰ গুৱাহাটীত নচলিব।

দীৰ্ঘদিন ধৰি অলা আৰু উবেৰ কৰ্তৃপক্ষক অল আছাম কেব অপাৰেটৰ য়ুনিয়নে কেব চালকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে দাবী জনাই আহিছিল। কিন্তু অলা আৰু উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবী সমূহ গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰি অহা ৭ মে’ৰ পৰা তিনিদিনীয়াকৈ এই বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাভাৱিকতে এই তিনিদিনীয়া বন্ধৰ ফলত অলা আৰু উবেৰৰ সুবিধাৰ পৰা বঞ্চিত হ’ব মহানগৰবাসী।  উল্লেখ্য যে দেওবাৰে হেঙেৰাবাৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সাধাৰণ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সাধাৰণ দৈনিক ৮ ঘণ্টা কামৰ বিনিময়ত উক্ত প্ৰতিষ্ঠান দুটাই প্ৰতিদিনে সকলো খৰচৰ অন্তত মালিক-চালকক নিম্নতম ২,৫০০ টকাকৈ উপাৰ্জন দিয়া সন্দৰ্ভত য়ুনিয়নে চৰকাৰৰ হস্তক্ষেপ বিচাৰে। লগতে গুৱাহাটীৰ ঠেক বাট-পথ আৰু অভাৱনীয় হাৰত বৃদ্ধি পোৱা গাড়ীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেব প্ৰতিষ্ঠানসমূহত নতুনকৈ বাহন প্ৰৱেশত চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ বিচাৰে য়ুনিয়নে।

ইফালে অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে অলা আৰু উবেৰ কৰ্তৃপক্ষৰ স্বৈৰাচাৰিতাৰ কাৰণে প্ৰথমবাৰৰ বাবে অল আছাম কেব অপাৰেটৰ য়ুনিয়নে কেব সেৱা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd