• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা পুনৰ জব্দ ৫০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 5, 2018 3:02 pm

2 min read

WhatsApp
103
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হৈ পৰিছে উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰী। আজি গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা ৰেল’ৱে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত ৰে’লৱে আৰক্ষীয়ে জনোৱা অনুসৰি মণিপুৰৰ পৰা বাংগালুৰুলৈ নি থকা অৱস্থাতে যশৱন্ত এক্সপ্ৰেছৰ ৪ নং ডবাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।

অনুসন্ধান কালত জানিব পৰা মতে আছিফ ৱাছিম(২৫) নামৰ মণিপুৰৰ যুৱকজনে এই ড্ৰাগছখিনি বাংগালুৰুত বিক্ৰী কৰিবৰ বাবে লৈ আহিছিল। মণিপুৰৰ লিলঙৰ এই যুৱকজনকো আৰক্ষীয়ে আটক কৰিছে।

ৰে’লৱে আৰক্ষী সূত্ৰই জনোৱা মতে ৪৫ গ্ৰাম ওজনৰ বগা হেৰ’ইনৰ ৩ টা পেকেট আৰু কমলা ৰঙৰ ৪০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা হৈছে যাৰ বজাৰ মূল্য হ’ব প্ৰায় ৫০ লাখ টকা।

বৰ্তমান ৰে’লৱে আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক সোধাপোছা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ অসমত এনেধৰণে নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে। উত্তৰ- পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা বিশেষকৈ মণিপুৰৰ পৰা গুৱাহাটী হৈ বাহিৰলৈ গাঁজাকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ চেষ্টা অব্যাহত আছে। বিগত দুমাহত ৰে’ল আৰক্ষী আৰু ৰাজহ চোৰাংচোৱা বিভাগে গাঁজাৰ লগতে বৃহৎ পৰিমানৰ চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াভাৱে ওদালগুৰি আৰক্ষীয়ে এক অভিযান চলাই যোৱা ১৪ এপ্ৰিলৰ নিশা ওদালগুৰিৰ লালপুল আৰক্ষী চকীৰ অধীনৰ লালপুল অঞ্চলত এখন খালী চিলিণ্ডাৰ কঢ়িয়াই অনা ট্ৰাকত বৃহৎ পৰিমানৰ গাঁজা জব্দ কৰিছিল।

তাৰ পাছত আজি পুনৰ ৫০ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ হোৱাটো লক্ষণীয়।

 

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd