• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ চেলেঙিত নিৰ্মিত সতী সাধনী ক্ষেত্ৰ উন্মোচন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2018 8:45 pm

2 min read

গোলাঘাটৰ চেলেঙিত নিৰ্মিত সতী সাধনী ক্ষেত্ৰ উন্মোচন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
563
VIEWS
Share on FacebookShare on Twitter

‘সতী সাধনী আছিল ত্যাগৰ প্ৰতীক। বীৰংগনা সতী সাধনীয়ে মহান ত্যাগৰ আদৰ্শৰে অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছিল। এই গৰাকী মহিয়সী নৰীয়ে কেৱল অসমীয়া নাৰীৰ গৌৰৱ বৃদ্ধি কৰা নহয়, সমগ্ৰ বিশ্বৰ নাৰী সমাজৰ গৌৰৱ বৃদ্ধি কৰাৰ উপৰি নাৰী সমাজৰ শক্তি সমাজ জীৱনত সৱলভাৱে প্ৰতিপন্ন কৰিছে।’ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চলকালয়ৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত বীৰাংগনা সাধনীৰ পূৰ্ণ স্মৃতিত গোলাঘাটৰ চেলেঙিত নিৰ্মিত সতী সাধনী ক্ষেত্ৰ উন্মোচন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘সতী সাধনী ক্ষেত্ৰ বিশ্বৰ মান চিত্ৰত দাঙি ধৰিব লাগিব। ৰাজ্যখনত থকা গুৰুত্বপূৰ্ণ পৰ্যটনৰ স্থান সমূহ পৰ্যটন বিভাগৰ সৈতে মিলি পৰ্যটন চাৰ্কিটত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। দেশ-বিদেশৰ পৰ্যটক সকলে যাতে অসমৰ পৰ্যটনৰ স্থান সমূহৰ বিষয়ে ভালদৰে অৱগত হৈ সেই স্থান সমূহ পৰিদৰ্শনৰ বাবে আগ্ৰহী হয় তাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যটনৰ গাইড বুক প্ৰকাশৰ পদক্ষেপ লৈছে।’

উন্মোচনী অনুষ্ঠানটোত গোলাঘাট জিলাৰ বিভিন্ন সমস্যা সম্পৰ্কত বিধায়িকা অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা আৰু সদৌ চুতীয়া জাতি সন্মিলনৰ অধ্যক্ষ অমিয় কুমাৰ বৰাই উত্থাপন কৰা বিষয় সমূহ সমাধানৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ লোৱা হ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

বিধায়িকা অজন্তা নেওগে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, গোলাঘাট জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰা, চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd