DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ : বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 8:41 am
Goalpara
93
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই নৈৰ দলঙত ফাট মেলাৰ পিছত জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দলঙৰ ওপৰেৰে যাতায়াত বন্ধ কৰি দিয়াত বিকল্প পথ হিচাপে দুধনৈ-মাটিয়া-গোৱালপাৰা-পঞ্চৰত্ন পথটো মুকলি কৰি দিয়া হৈছিল যদিও সেই পথটোও এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে।

দুধনৈ-পঞ্চৰত্ন ৰাজ্যিক ঘাইপথটো ঠিকাদাৰৰ হেমাহি আৰু গড়কাপ্টানি বিভাগৰ দুৰ্বলতাৰ  বাবে বিধ্বস্ত হৈ পৰিছে। উক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব পোৱা মেছাৰ্ছ ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড, জে  ভি ঠিকাদাৰ গোষ্ঠীয়ে সময়মতে পথটো নিৰ্মাণৰ কাম নকৰাৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰি পথছোৱা চাৰিটা অংশত বিভক্ত কৰি অইন ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

ইয়াৰে ‘চি’ অংশটো ডুবাপাৰাৰপৰা গোৱালপাৰা চহৰৰ বি অ’ চিলৈকে নিৰ্মাণৰ বিষয়টো সম্প্ৰতি উচ্চ ন্যায়ালয়ৰ মজিয়াত পৰি আছে। ‘চি’ অংশৰ কামৰ বাবে মুঠ চাৰিজন ঠিকাদাৰে নিবিদা দাখিল কৰিছিল। ইয়াৰে গুৱাহাটী এ টি ৰোডৰ ২০১ কৰ্মাচ হাউছৰ পি কে এণ্ড কোম্পানীক ‘চি’ অংশৰ কামৰ বাবে গড়কাপ্টানি বিভাগে বিগত বৰ্ষৰ ২৯ আগষ্টত প্ৰাৰম্ভিক নিৰ্দেশ দিয়ে।

এই নিৰ্দেশনাৰ বৈধতাক লৈ চি চি এল ইণ্টাৰনেচনেল লিমটেড নামৰ প্ৰতিষ্ঠানটোৱে উচ্চ ন্যায়ালয়ত গোচৰ তৰে।

দুধনৈ-মাটিয়া পথছোৱাৰ নিৰ্মাণৰ কাম ইমানেই নিম্নমানৰ যে ৰাইজে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। এই ৪৬ নং ৰাজ্যিক ঘাইপথটো বহু বছৰ ধৰি বন্ধ, সময়ে সময়ে নতুনকৈ কৰা নিৰ্মাণ কাৰ্যই হাজাৰ হাজাৰ লোকৰ আহুকালৰহে সৃষ্টি কৰিছে।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ কৃষ্ণাইত বন্ধ কৰি দিয়াৰ পিছত দুধনৈৰ পৰা  মাটিয়া-গোৱালপাৰালৈ আহিব পৰা একমাত্ৰ বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম হৈছে। এই পথছোৱা বন্ধ হৈ গ’লে পশ্চিম অসমৰ লগতে মেঘালয়ৰ বহু অঞ্চলৰে যোগাযোগ বন্ধ হৈ পৰিব।

এই পথছোৱাৰ ‘চি’ অংশ মেৰামতি আৰু নিৰ্মাণৰ দাবীত ৩১ মাৰ্চত ৰাইজে পথ অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd