DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৌৰীপুৰত আছুৰ কাৰ্যালয়ত অগ্নিসংযোগ: আজি সাব্যস্ত কৰিব প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 7:09 am
aasu

প্ৰতিনিধিত্বমূলক ফটো

127
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰত অৱস্থিত গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱতি নিশা কোনো অচিনাকি দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত নন্দেশ্বৰ ৰায় নামৰ স্থানীয় লোকজনে আছুৰ কাৰ্যালয়টোৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি আছুৰ কৰ্মীক খবৰ দিয়ে। ধুবুৰী জিলা আছুৰ সাধাৰণ সম্পাদকসহ সংগঠনটোৰ এটা দলে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়।

দলটোৱে সন্দেহ প্ৰকাশ কৰে যে দুৰ্বৃত্তই তলা ভাঙি কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰি তেলজাতীয় সামগ্ৰীৰ সহায়ত সম্ভৱত: ঘৰটোত অগ্নিসংযোগ কৰিছিল। কাৰ্যালয়টোৰ ভিতৰৰ দেৱালত প্ৰতিমা বৰুৱা পাণ্ডে, জ্যোতিপ্ৰসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি বৰেণ্য ব্যক্তিসকলৰ ফটো ওলোমাই থোৱা আছিল।

কাৰ্যালয়টোত চকী-মেজ, খেলৰ সা-সামগ্ৰী, আলমাৰি আদি মূল্যবান আচবাব পত্ৰও আছিল। অগ্নিকাণ্ডৰ ফলত এই সকলোবোৰ জ্বলি ভস্মীভূত হয়।

গৌৰীপুৰ আৰক্ষীয়ে দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী লগাই অগ্নি নিৰ্বাপন কৰে।

ধুবুৰী জিলা আছু, গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যৰ লগতে আছুৰ কেন্দ্ৰীয় নেতাই ঘটনাৰ প্ৰতিবাদত কাৰ্যালয়টোৰ সন্মুখত ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট পালন কৰে।

আছুৰ কৰ্মীসকলে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবীত জোঁৰ সমদল উলিয়ায়।

গৌৰীপুৰত আছুৰ কাৰ্যালয়ত অগ্নি সংযোগৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে বিভিন্ন দল সংগঠনে।

আনহাতে, আছুৰ কাৰ্যালয়ত অগ্নিসংযোগৰ ঘটনাত জড়িত  দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটি প্ৰতিনিধি দল গৌৰীপুৰলৈ যাব।

 

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd