• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাও লোকেশ্বৰ গগৈৰ সৃষ্টিৰাজি জাতীয় সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে এক মূল্যবান অৱদান : উপেন্দ্ৰ বৰকটকী

মিন্টূ দাস by মিন্টূ দাস
May 28, 2018 9:38 am
নগাঁৱত চাও লোকেশ্বৰ গগৈৰ গ্ৰন্থ উন্মোচনী সভাৰ এটি মুহূৰ্ত। ফটো : নৰ্থ ইষ্ট নাও

নগাঁৱত চাও লোকেশ্বৰ গগৈৰ গ্ৰন্থ উন্মোচনী সভাৰ এটি মুহূৰ্ত। ফটো : নৰ্থ ইষ্ট নাও

85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

” লিখক চাও লোকেশ্বৰ গগৈৰ লিখনীয়ে সকলো লোককে আকৰ্ষণ কৰিব পাৰে। গগৈয়ে এতিয়ালৈকে ৪৯ টা গৱেষণামুলক গ্ৰন্থ ৰচনাৰ কাম সম্পন্ন কৰাৰ লগতে ১৫ খনকৈ গ্ৰন্থ ৰচনা কাম অব্যাহত ৰাখিছে । তেওঁৰ প্ৰত্যেকখন গ্ৰন্থ‌ই অসমৰ জাতীয় সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে অপৰিহাৰ্য সম্পদ, “- এই মন্তব্য বিশিষ্ট লিখক, সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ।

নগাঁৱৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশৰ  উদ্যোগত আজি বিয়লি নগা‌ওঁ প্ৰেছ ক্লাৱত অনুষ্ঠিত “অসমৰ লোক সংস্কৃতি” নামৰ গ্ৰন্থখনৰ চতুৰ্থ খণ্ড উন্মোচন কৰি দিয়া ভাষণত এইদৰে উল্লেখ কৰি উপেন্দ্ৰ বৰকটকীয়ে কয়, – লেখকে গ্ৰন্থখনৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীয় লোকৰ হেৰাই যোৱা সংস্কৃতিসমুহ পুনৰ উদ্ধাৰৰ চেষ্টা কৰিছে।‘

Apply Now

গগৈক এগৰাকী অনুসন্ধিৎসু লিখক বুলি উল্লেখ কৰি উন্মোচক বৰকটকীয়ে কয়, – পৃষ্ঠাৰ সংখ্যাই গ্ৰন্থ এখনৰ গুৰুত্ব নবঢ়ায়। গ্ৰন্থ একোখনৰ গুৰুত্ব আৰু অপৰিহাৰ্যতা নিৰ্ভৰ কৰে বিষয়বস্তুৰ নিৰ্বাচন, বৈশিষ্ট্য, বৈচিত্ৰ, অনুসন্ধিৎসু প্ৰবৃত্তি, উদাৰ মন আৰু জ্ঞানৰ গভীৰতাৰ ওপৰত। গগৈৰ প্ৰকাশিত গ্ৰন্থত এইকেইটা উপাদান সমৃদ্ধ।

লেখক লোকেশ্বৰ গগৈক এগৰাকী অসম প্ৰেমী ব্যক্তি আখ্যা দি উপেন্দ্ৰ বৰকটকীয়ে লগতে কয়, – ‘তেওঁ সৃষ্টিৰাজি সমুহে জাতীয় সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে এক মূল্যবান অৱদান। পুৰণি যুগীয়া সৃষ্টি সমূহ সংগ্ৰহ কৰাটো এক কঠিন কাম, কিন্তু তাতোকৈ কঠিন কাম হ’ল ইয়াক গ্ৰন্থ আকাৰত প্ৰকাশ কৰা। লোকেশ্বৰ গগৈয়ে সেই কামটো কৰিবলৈ সক্ষম হৈছে।‘

৯৯১ পৃষ্ঠা জোৰা এই গ্ৰন্থখন আচলতে সমগ্ৰ অসম আৰু অসমীয়া জাতিৰ কাৰণে এক মহৎ কাম বুলি উল্লেখ কৰে উন্মোচক গৰাকীয়ে। বিশিষ্ট সাহিত্যিক, সমালোচক প্ৰভাত বৰাই পৌৰোহিত্য কৰা সভাখনত লিখক লোকেশ্বৰ গগৈয়ে নিজৰ জীৱনত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি কয় যে যিমানেই হেঁ‌চা দিয়া, সিমানেই অন্তৰখন বিদ্ৰোহী হৈ উঠে। মানুহৰ খ্যাতি, যশস্যা কেতিয়াও আবদ্ধ কৰি ৰাখিব নোৱাৰি, সি এদিন প্ৰকাশ পাব‌ই।

সভাপতিৰ আসনৰ পৰা প্ৰভাত বৰাই ভাষণ প্ৰসংগত কয়,- ‘নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনাৰ সময়ত এই গ্ৰন্থখন প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ কথা। লিখক গগৈয়ে তেওঁৰ লিখনিৰ জৰিয়তে সাংস্কৃতিক জাতীয়তাবাদৰ তত্ব গঢ়ি তুলিছে।‘

উক্ত সভাতে সদৌ অসম লেখিকা সমাৰোহৰ ৰহা আঞ্চলিক সমিতিয়ে লিখক লোকেশ্বৰ গগৈক সম্বৰ্ধনা জনায়। উল্লেখ্য যে, জিলাখনৰ শতাধিক সাহিত্য অনুৰাগী ব্যাক্তি উপস্থিত থকা এই অনুষ্ঠানতে অকণিৰ সাহিত্য সভাই আয়োজন কৰা এক কুইজ প্ৰতিযোগিতাত লটাৰী যোগে নিৰ্বাচিত দৈনিক জন্মভূমিৰ এগৰাকী উপ -সম্পাদক নিতুল চাংমাক লোকেশ্বৰ গগৈৰ উন্মোচিত গ্ৰন্থৰে পুৰস্কৃত কৰা হয়।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd