• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চানমাৰিত কাৰ্বি আংলঙৰ ঘটনাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা : বহুকেইজন আহত

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 10, 2018 9:01 pm

2 min read

Youth protest against two youth killed-Main

Youth protest at Guwahati on 10-06-18, against 2 Assamese youth Nilotpol Das and Abhijit Nath killed by the mob suspected as Human Traffickers in karbi anglong. Pix BY UB photos

78
VIEWS
Share on FacebookShare on Twitter

আজি চানমাৰি কমাৰ্চ পইণ্টত ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসমাজ একত্ৰিত হৈ কাৰ্বি আংলঙত নৃশংসতাৰ বলি হোৱা গুৱাহাটীৰ দুজন যুৱকৰ ন্যায় দাবী কৰি মম জ্বলাই প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ ফলত কেইবাজনো আহত হয়।

শান্তিপূৰ্ণভাৱে প্ৰায় তিনি ঘণ্টা চলি থকা প্ৰতিবাদৰ মাজতে প্ৰথমে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বাক-বিতণ্ডা হয় আৰু পিছলৈ ই হতাহতিৰ ৰূপ লয়।

উল্লেখযোগ্য যে কোনো দল-সংগঠনৰ বেনাৰত নহয়, মহানগৰীৰ এচাম ছাত্ৰ-ছাত্ৰী আৰু শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ উঠিছে।

প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকক প্ৰতিবাদ স্থগিত ৰাখিবৰ বাবে কোনোধৰণৰ আগজাননী নিদিয়াকৈ বৰ্বৰভাৱে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল।

ইয়াৰ বিপৰীতে আৰক্ষীয়ে কৰা অভিযোগ অনুসৰি প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ শিল তথা ক’ল ড্ৰিংকছৰ বটল নিক্ষেপ কৰিছিল।

Youth protest against two youth killed
চানমাৰিৰ কমাৰ্চ পইণ্টত ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসমাজে উলিওৱা কাৰ্বি আংলঙৰ ঘটনাৰ প্ৰতিবাদী সমদল। ফটো : য়ু বি।

আৰক্ষীৰ লাঠীচালনাৰ ফলত প্ৰায় ১৫গৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক কমাৰ্চ পইণ্টতে থকা এখন ফাৰ্মাচিত চিকিৎসাৰ ব্যৱস্থা কৰোৱা হয়।

প্ৰতিবাদকাৰীসকলৰ দাবী যে তেওঁলোকে ন্যায় লাগে বুলি চিঞৰি সম্পূৰ্ণৰূপে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল। তেওঁলোকে বিয়লি ৪ বজাৰ পৰা ৭ বজালৈকে এই প্ৰতিবাদী কাৰ্য্যসূচী চলাই নিছিল। আনহাতে প্ৰতিবাদকাৰীসকলে নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনক ৬-৭ ঘণ্টা ধৰি উন্মত্ত লোকসকলে প্ৰহাৰ কৰি আছিল বুলিও অভিযোগ তোলে। তেওঁলোকে এনেকুৱা জঘন্যভাৱে হত্যা কৰা ঘটনাটো কোনোপধ্যে মানি ল’ব নোৱাৰে বুলি উল্লেখ কৰে।

আনহাতে গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে এই জঘন্য হত্যাকাণ্ডটোৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ মাজতে এচাম প্ৰতিবাদকাৰীয়ে সাম্প্ৰদায়িক শ্ল’গান দিয়াও দেখা যায়। কিছুমান উদণ্ড, অপৈণত প্ৰতিদাবকাৰীক গোটেই কাৰ্বি সম্প্ৰদায়ৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য দিয়াও দেখা যায়। ।

উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে এই হত্যাকাণ্ডৰ সৈতে জড়িত ১৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd