• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰিয়াখানাৰ দায়িত্বত থকা লোকেই হৰিণা খোৱাৰ অভিযোগৰ তদন্ত দিব বন বিভাগে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2018 8:40 pm
Zoo

জনতা ভৱনত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিনিধিৰ সৈতে বন মন্ত্ৰীৰ বৈঠক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰিয়াখানাত দুৰ্নীতি, অনিময় হৈ থকাৰ কথা আজি নিজ মুখে স্বীকাৰ কৰিলে স্বয়ং বন মন্ত্ৰীয়ে। ইয়াৰ তদন্ত দিয়াৰ আশ্বাসো দিছে বন মন্ত্ৰীজনে।

“চিৰিয়াখানাত কিছুমান গণ্ডগোল চিৰিয়াখানা সুৰক্ষা মঞ্চই কোৱাধৰণে সংঘটিত হৈ আছে বুলি মই ভাবো। মই দায়িত্ব পোৱাৰ পিছতে নিজে গৈ চিৰিয়াখানা চাই আহিছিলো, তেতিয়াই মই এই কথা অনুভব কৰিছিলো।” এইদৰে কয় নতুনকৈ বন বিভাগৰ দায়িত্ব পোৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

Apply Now

আজি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সৈতে জনতা ভৱনৰ বি-ব্লকত এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ পিছত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই চিৰিয়াখানাৰ ভিতৰত চিৰিয়াখানাৰ দায়িত্বত থকা লোকে শ শ হৰিণ ভক্ষণ কৰাকে ধৰি আন কেতবোৰ দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল। এই অভিযোগৰ সত্যতা অনুধাৱন কৰিয়ে বৰ্তমানৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই এই বিষয়ে বিস্তৃত আকাৰত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সৈতে আলোচনা কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল।

আজি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ এটা সঁজাতী দল চিৰিয়াখানাৰ সমস্যা তথা দুৰ্নীতি বিষয়টো লৈ বন মন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়।

আলোচনাৰ অন্তত বন মন্ত্ৰীগৰাকীয়ে মঞ্চৰ সৈতে হোৱা আলোচনাক গঠনমূলক আখ্যা দি সংবাদ মাধ্যমৰ আগত কয়, “মই মন্ত্ৰী হিচাপে নিজে চিৰিয়াখানা দৰ্শন কৰি বিষয়াক সমস্যাসমূহ সমাধান কৰিবৰ বাবে নিৰ্দেশ দি আহিছো। মঞ্চই দিয়া পৰামৰ্শসমূহৰ ভিতৰত কিছুমান আমি তৎকালীনভাৱে সমাধান কৰাৰ চেষ্টা কৰিম আৰু কিছুমান সমস্যা সমাধান কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব।”

তাৎপৰ্য্যপূৰ্ণভাবে মঞ্চই কৰা অভিযোগ মতে, পূৰ্বৰ বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই চিৰিয়াখানা সুৰক্ষা মঞ্চই অনা এই অভিযোগবোৰত কোনো গুৰুত্ব দিয়া নাছিল। বৰং চিৰিয়াখানা সঠিকভাৱে চলি আছে বুলিহে কৈছিল। তাৰ বিপৰীতে বৰ্তমানৰ বন মন্ত্ৰীগৰাকীয়ে নিজ মুখে এই অভিযোগবোৰৰ সত্যতা স্বীকাৰ কৰিছে। “চিৰিয়াখানা সুৰক্ষা মঞ্চ আৰু আমাৰ চৰকাৰ মিলি আমি এটাই সিদ্ধান্ত লৈছো যে যিমান সোনকালে পাৰো সমস্যাবোৰৰ পৰা চিৰিয়াখানাক মুক্ত কৰিবৰ বাবে চেষ্টা কৰি যাম।”

ইয়াৰোপৰি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়, “আমি দিয়া ২০টা দাবীত তেওঁ পূৰ্ণ সমৰ্থন জনাইছে। আলোচনাটো সম্পূৰ্ণ সৌহাৰ্দ্যপূৰ্ণ হৈছে। আমি খুবেই সুখী।”

বৈশ্যই কয় যে তেওঁ গঁৰালকেইটা চাফা কৰাৰ কাৰণে হৰিজনৰ সংখ্যা বঢ়াব আৰু দুষ্কাৰ্য্যৰ সৈতে জড়িত চাৰিজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীজনে আশ্বাস দিছে।

“বনমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ নিজেই কিছুমান কথা গম পাইছে, ইচ্ছাকৃতভাৱে যে গোটেই ঘটনাটো ঘটি আছে। হৰিণা খোৱাৰ অভিযোগটোও তেওঁ মানি লৈছে আৰু ইয়াৰ বিৰুদ্ধেও এক তদন্ত তেওঁ কৰাব।” ৰাজকুমাৰ বৈশ্যই কয়।

বৈশ্যই কয়, কি কাৰণে বন ধ্বংস কৰি ‘বনসৃষ্টি’ নামৰ বিপণন কেন্দ্ৰ নিৰ্মাণ কৰা হ’ল,  সেইটোৰো তদন্ত কৰা হ’ব বুলিও বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আশ্বাস প্ৰদান কৰিছে।

উল্লেখযোগ্য যে চিৰিয়াখানাৰ ভিতৰত চলি থকা কেলেংকাৰিৰ তদন্তটো উচ্চ পৰ্য্যায়ৰ তদন্তৰ বাবে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰা হ’ব বুলি বনমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়া বুলি তেওঁ সদৰী কৰে।

ইতিমধ্যে বন বিভাগৰ মুখ্য সচিবক চিৰিয়াখানাৰ দুৰ্নীতিৰ সন্দৰ্ভত তদন্ত কৰিবলৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিছে যদিও চিৰিয়াখানা সুৰক্ষা মঞ্চ এইটো মানি লোৱা নাই। চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাৰ কেলেংকাৰিৰ চি বি আই তদন্ত বিচৰা বুলি আমাক জানিবলৈ দিয়ে।

আনহাতে, চিৰিয়াখানাৰ ভগা দেৱালসমূহৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ কামো আৰম্ভ কৰিছে বুলি মঞ্চৰ সাধাৰণ সম্পাদক বৈশ্যই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd