DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চূণচালি চাহবাগিচাৰ সমীপৰ পাহাৰ কটাক লৈ সংবাদমেল বিধায়ক অতুল বৰাৰ : চৰকাৰী সমৰ্থন থকাৰ সন্দেহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2018 6:06 pm
Atul Bora
168
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী পৃষ্ঠপোষকতাতে দুৰ্বৃত্তই জে চি বি লগাই পাহাৰ ধ্বংসকাৰ্য্য চলাই আছে চূণচালিৰ চাহবাগিচাৰ সমীপত। হাজাৰ হাজাৰ বিঘা মাটি উলিওৱা হৈছে পাহাৰ কাটি, যিটো সমগ্ৰ ভাৰতৰ ভিতৰতে এটা বৃহৎ ভূমি কেলেংকাৰি হ’ব পাৰ। এই গুৰুতৰ অভিযোগ আনিলে খোদ চৰকাৰৰ দলৰে বিধায়ক অতুল বৰাই।

উল্লেখযোগ্য যে চূণচালি চাহবাগিচাৰ সমীপত ব্যাপক ৰূপত পাহাৰ কটাক লৈ আজি সংবাদমেল দিছিল বিধায়ক অতুল বৰাই। তেওঁ এই পাহাৰ ধ্বংস অবাধে চলি থাকিব পৰাৰ অন্তৰালত চৰকাৰী পৃষ্ঠপোষকতাৰ গোন্ধ পোৱা বুলি স্পষ্টকৈ কয়।

’আজি মই চূণচালিলৈ নিজে গৈ দেখা পালো কি ধৰণে তাত পাহাৰৰ মাটি কাটি ধ্বংসলীলা চলাই থকা হৈছে।’ সংবাদমেলত এইদৰে কয় বিধায়কজনে।

তেওঁ কয়, ‘যদিহে ৪৮ ঘণ্টাৰ ভিতৰত সৃষ্টি নগৰত অবৈধভাৱে চলি থকা কাম বন্ধ কৰা নহয়, তেন্তে দিচপুৰ সমষ্টিৰ মোৰ মানুহৰ দ্বাৰা এই কাম বন্ধ কৰাবলৈ বাধ্য হ’ম।‘

পাহাৰৰ মাটি কথা সন্দৰ্ভত তেওঁ বিস্তৃতভাৱে বৰ্ণনা কৰি কয়, ‘’বুলবুল চৌধুৰী নামৰ এজন ব্যক্তিৰ পৰা কিছুসংখ্যক লোকে ৬৫০ বিঘা মাটি ক্ৰয় কৰি লৈ তাৰে দাঁতি কাষৰীয়া ৬০০০ বিঘা পাহাৰৰ মাটি কাটি ধ্বংসলীলা আৰম্ভ কৰিছে। তেওঁলোকে জে চি বিৰে কাটি সেউজীয়া পাহাৰক সমতল ভূমিলৈ ৰূপান্তৰিত কৰিছে। এই মানুহবোৰে সেই অঞ্চলৰ নাম দিছে সৃষ্টি নগৰ।‘’

অৱশ্যে তেওঁ সেই লোকসকলৰ নাম অৱগত নহয় বুলি মন্তব্য কৰাৰ লগতে ভবিষ্যতে সন্ধান কৰি জনোৱাৰ আশ্বাস দিয়ে।

তেওঁ কয়, ‘’এই ধ্বংসলীলা চলি থকাৰ কথা স্থানীয় কোনো লোকে মোক অৱগত কৰা নাছিল। কিছু বছৰ আগতে বাতৰিকাকত এখনৰ জৰিয়তে এই কথা গম পাইছিলো যদিও কোনেও এই বিষয়টো মোৰ দৃষ্টিগোচৰ কৰা নাছিল। বিশেষ কিবা হৈ আছে বুলি ভবা নাছিলো। কিন্তু যোৱা মাঘবিহুৰ সময়ত উৰুকাৰ নিশা মেজি জ্বলোৱা অনুষ্ঠান এটাত যাওঁতে মই এই দৃশ্য দেখা পাওঁ।‘’

তেওঁ অসম চৰকাৰৰ ৰাজহ বিভাগক নিৰ্লিপ্ততাৰ বাবে দায়ী কৰি কয়, ‘’যদি ২০০০০ বৰ্গ মিটাৰতকৈ বেছি মাটিত নিৰ্মাণ কাৰ্য্য চলে তেন্তে STATE LEVEL IMPACT ASSASMENT AUTHORITY ৰ পৰা অনুমতি ল’ব লাগে। এই ক্ষেত্ৰত তেওঁলোকে এই বিভাগৰ পৰা অনুমতি লৈছিল নে নাই সন্দেহ হয়।‘’

আনহাতে বিধায়কগৰাকীয়ে কলকাতাস্থিত গ্ৰীন ট্ৰিবিউনেলে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ তোলে। ‘’এইধৰণৰ সেউজীয়া পাহাৰসমূহ ধ্বংস কৰাৰ পিছতো তেওঁলোক (গ্ৰীন ট্ৰিবিউনেল) নীৰৱ হৈ থকাটো সন্দেহজনক। তেওঁলোকৰ সৃষ্টি নগৰৰ সৈতে ভিতৰুৱা মিতিৰালি থকা বুলি মই অনুভৱ কৰো।‘’ তেওঁ কয়।

লক্ষণীয় যে বিধায়কগৰাকীয়ে সৃষ্টিনগৰ নিৰ্মাণৰ সময়ৰ অসম চৰকাৰৰ ৰাজহ বিভাগ, ডেপুটি কমিশ্যনাৰক কটাক্ষ কৰি কয়, ‘’তেওঁলোক থকা সত্ত্বেও এনেদৰে প্ৰায় ৬৫০ বিঘা মাটি ক্ৰয় কৰি ৬০০০ বিঘাতকৈও অধিক পাহাৰীয়া মাটি ধ্বংস কৰাৰ সাহস কেনেকৈ পালে?

ইয়াৰোপৰি তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, ‘’বিদ্যুৎ বিভাগক মই দৰ্খাস্তৰ জৰিয়তে সেই পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বিদ্যুৎ যোগানৰ বাবে অনুৰোধ জনাইছিলো যদিও পাহাৰীয়া অঞ্চলত বিদ্যুৎ যোগানৰ অনুমতি নাই বুলি কৈছিল। এনে পৰিপ্ৰেক্ষিতত কি ভিত্তিত সৃষ্টি নগৰত ডাঙৰ ডাঙৰ ট্ৰেন্সফৰ্মাৰ লগাই বিদ্যুৎ বিভাগে বিদ্যুতৰ যোগান ধৰিছে। ‘’

তেওঁ এই কেলেংকাৰিক ভাৰতৰ ভিতৰতে প্ৰথম আৰু বৃহৎ মাটিৰ কেলেংকাৰি বুলি মন্তব্য কৰে। বন বিভাগত চৰম কেলেংকাৰি চলি থকা বুলি মন্তব্য কৰি শাসকীয় দলৰ বিধায়কজনে কয়, ‘’সেই অঞ্চলত থকা ব্ৰিটিছৰ দিনৰে পৰা থকা চেগুন গছবোৰ কাটি সেইবোৰ ক’লৈ লৈ যায়? সৃষ্টি নগৰত তেওঁলোকে এতিয়া আৰু ৯০টা নতুন ছেক্টৰ আৰম্ভ কৰিব বিচাৰিছে।‘’

আজি সংবাদমেলত তেওঁ এই কেলেংকাৰি অসম চৰকাৰৰ বনবিভাগ আৰু ভূমি-ৰাজহ বিভাগৰ ছত্ৰছায়াত চলি থকা বুলি সন্দেহ কৰাৰ লগতে সংবাদমেলৰ জৰিয়তে এই বিষয়ৰ ওপৰত হস্তক্ষেপ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনায়।

আনহাতে সেই একেখন সংবাদমেলতে তেওঁ অন্য এটা বিষয় উত্থাপন কৰি কয় ‘’মই ১৯ মে’ৰ দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ কয়লা চিণ্ডিকেট আৰু অবৈধ ট্ৰাকসমূহৰ ওপৰত চি আই ডি তদন্ত বিচাৰি চিঠি প্ৰেৰণ কৰিছিলো। বৰ্তমান সময়ত চি আই ডিয়ে কামৰূপ মহানগৰ পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষকো তদন্তৰ আওতালৈ আনিছে। গতিকে মই এই ক্ষেত্ৰত অত্যন্ত সুখী। ব্যৱস্থা গ্ৰহণ নকৰা পৰ্য্যন্ত মই এই বিষয়ে সংবাদ মাধ্যমত অৱগত কৰা নাছিলো।‘’

Recent News

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd