DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চূড়ান্ত এন আৰ চিৰ পূৰ্বে কেন্দ্ৰৰ দ্বাৰা আপিল কৰ্তৃপক্ষ গঠনৰ পোষকতা তৰুণ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2018 7:01 pm
গুৱাহাটীৰ কইনাধৰাত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটীৰ কইনাধৰাত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। য়ু বি ফটোজ

90
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চিত কিবা কাৰণত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নহ’লে এই সম্পৰ্কীয় অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এক আপিল কৰ্তৃপক্ষ গঠনৰ পোষকতা কৰিছে অসম কংগ্ৰেছে।

চূড়ান্ত এন আৰ চিৰ পূৰ্বে এই আপিল কৰ্তৃপক্ষ গঠনৰ বাবে দলটোৱে কেন্দ্ৰীয় চৰকাৰক এক প্ৰস্তাৱ দাখিল কৰিব।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেলত কয় যে, ‘আনকি চূড়ান্ত এন আৰ চিটো নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় সকলৰ দাবী সমূহ নিষ্পত্তি কৰাৰ বাবে এজন ন্যায়াধীশৰ অধীনত এক আপিল কৰ্তৃপক্ষ স্থাপনৰ বাবে আইন প্ৰণয়ন কৰিবলৈ ভাৰত চৰকাৰক আমি প্ৰস্তাৱ কৰিম।’

তেওঁ লগতে কয়, ‘যদি চূড়ান্ত এন আৰ চিত কাৰোবাৰ নাম নাথাকে, তেওঁ কলৈ যাব? বিদেশী ন্যায়াধীকৰণত এটা গোচৰ নিষ্পত্তি হ’বলৈ বহুত সময় লয়। সেয়ে গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এজন ন্যায়াধীশৰ অধীনত এক আপিল কৰ্তৃপক্ষ থাকিলে সুবিধা হ’ব।’

গগৈয়ে কয়, ‘চূড়ান্ত এন আৰ চিৰ পূৰ্বেই এই সন্দৰ্ভত আমি কেন্দ্ৰলৈ প্ৰস্তাৱ পঠাম।’

তেওঁ লগতে কয়, ‘মই আইদিয়াটো দিলো, ৰাইজে এতিয়া বিচাৰ কৰি চাব।’

ৰাজ্যত চলি থকা এন আৰ চিৰ কাম-কাজক লৈ গগৈ সন্তুষ্ট নহয়। এন আৰ চিৰ প্ৰথম খচৰাত আনকি নামো অন্তৰ্ভুক্ত নোহোৱা ন্যায়াধীশ আফতাৱ হুছেইন শইকীয়াৰ উদাহৰণ গগৈয়ে এই সন্দৰ্ভত দাঙি ধৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে, ‘পৰিস্থিতি যদি এনেকুৱাই হয় তেন্তে মানুহে স্বাভাৱিকতেই সন্দেহ কৰিব এইসকল লোকে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিব পাৰিব নে নোৱাৰে।’

এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰি গগৈয়ে কয় যে এন আৰ চিৰ প্ৰথম খচৰাখনৰ পৰা প্ৰমাণ হৈছে যে হাজেলাই আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো মানি চলা নাই। এই সন্দৰ্ভত তেওঁ কয় যে, ‘উচ্চতম ন্যায়ালয়ে তেওঁক এন আৰ চিত প্ৰকৃত ভাৰতীয় সকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কৈছিল কিন্তু হাজেলাই ওলোটাই এন আৰ চিৰ খচৰাৰ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম বাদ হে দিছে।’

গগৈয়ে লগতে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে যে খচৰা এন আৰ চিৰ বিৰুদ্ধে শিলচৰৰ সাংসদ সুস্মিতা দেবৰ ক্ষোভ স্বাভাৱিক। ‘সুস্মিতাৰ ক্ষোভ স্বাভাৱিক,’ বুলি কৈ গগৈয়ে প্ৰশ্ন কৰে, ‘এন আৰ চিৰ কাৰ্যকৰ্তাসকল ইমান অসাৱধান কেনেকৈ হ’ব পাৰে?’

তেওঁ লগতে কয় যে হিন্দীভাষীয়ে হওক বা বাংলাভাষীয়ে হওক কোনো প্ৰকৃত ভাৰতীয়ক কংগ্ৰেছে কেতিয়াও অন্য ৰাজ্যলৈ ভাগিবলৈ নিদিয়ে।

Recent News

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd