চৰকাৰী মাটিত ঘৰ-অট্টালিকা সজাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

WhatsApp-Image-2018-05-03-at-8-2

গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব লোৱাৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত জি এম ডি এ আৰু জি এম চিৰ আমোলা, বিষয়াক সকলৰ পৰা কামৰ খতিয়ান বিচাৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। কামত গাফিলতি কৰা, কাম সঠিকভাৱে নকৰা, কামত ফাকি দিয়া, ভুৱা  তথ্য দিয়া আদিৰ বাবে জি এম ডি এ, জি এম  চিৰ বিষয়া, আমোলাসকলক আনকি ধমকো দিয়ে নৱনিযুক্ত মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী ভট্টাচাৰ্যই আনকি জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ এম অংগমুথুকো তেওঁৰ অধীনস্থ বিষয়াই পুৰণি বাতিল হোৱা আঁচনি প্ৰদৰ্শন কৰাৰ বাবে ভৰ্ৎসনা কৰে। গুৱাহাটী উন্নয়ন বিষয়ক বিভিন্ন আঁচনি, কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ লওঁতে গুৱাহাটী উন্নয়নৰ নমুনা দেখি মন্ত্ৰী ভট্টাচাৰ্য হতভম্ব হৈ পৰে।

চৰকাৰী মাটিত ঘৰ-অট্টালিকা সজাসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰীজনে।

পৌৰ নিগমৰ নলা চাফা কৰাৰ নামত নাটক হৈ আছে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়-চাৰিখন কোৰেৰে নলা চাফা কৰিলে কাম নহয়। জি এম ডি এ, জি এম চি, জল ব’ৰ্ডৰ কাম-কাজত অসন্তুষ্ট মন্ত্ৰী ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীৰ কথা কৈ তেওঁক ভয় নুখুৱাবলৈ বিষয়াক সতৰ্ক কৰি দিয়ে।

তেওঁ কয় যে গুৱাহাটী উন্নয়নৰ নামত বহু দুৰ্নীতি হৈ আছে। তেওঁ দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে নলা চাফা কৰা কামত মেচিন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী ভট্টাচাৰ্যই জল বৰ্ডৰ পৰিচালন সঞ্চালকক শীঘ্ৰে পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈকো নিৰ্দেশ দিয়ে।

গুৱাহাটীত যেতিয়াই তেতিয়াই ৰাস্তা খন্দা সম্পৰ্কত মন্ত্ৰী ভট্টাচাৰ্যই কয়, ‘ আজিৰ পিছত আৰু জধে-মধে ৰাস্তা খন্দা কাম নচলিব। নিদিৰ্ষ্ট সমিতিৰ অনুমতি সাপেক্ষেহে সেয়া হ’ব।‘

মন্ত্ৰী ভট্টাচাৰ্যই লগতে আমোলা-বিষয়াক সতৰ্ক কৰি দি কয় ‘মোক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। মোক বিপথে পৰিচালিত কৰিলে পিছত বিপদ হ’ব।‘

ভৰলুৰ গাৰ্ড ৱালৰ কাম সঠিকভাৱে পৰীক্ষা কৰা, শিলসাঁকো বিলৰপৰা অবৈধ নিৰ্মাণ উচ্ছেদ কৰা, পাণবজাৰৰ বহুখলপীয়া স্বয়ংক্ৰিয় কাৰ পাৰ্কিং প্ৰকল্প সম্পূৰ্ণ কৰা, ‘শ্ৰদ্ধাঞ্জলি কানন’ৰ সন্মুখৰ পথ ‘ন’ পাৰ্কিং জ’ন’ৰূপে ঘোষণা কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।