চৰাইদেউ জিলা প্ৰশাসনে এঘণ্টাত ৰোপন কৰিলে ছয় লাখ গছপুলি

01-04-18 Charaideo- Sapling plantation (1)

পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসনে আজি এক উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। ‘শ্যামলী চৰাইদেউ’ নামেৰে দেওবাৰে জিলা প্ৰশাসনে আৰম্ভ কৰিলে গছ ৰোপনৰ এক অভিনৱ কাৰ্যসূচী। এক ঘণ্টাত ছয় লাখ ষোল্ল হেজাৰ গছপুলি ৰোপনেৰে অভিলেখ গঢ়িলে চৰাইদেউ জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ লগতে চলা সংৰক্ষিত বনাঞ্চল, দিল্লী সংৰক্ষিত বনাঞ্চলৰ উপৰি বিভিন্ন ৰাজহুৱা স্থান, শিক্ষানুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ নেতৃত্বত জিলাখনৰ দল সংগঠন, যুৱ সংঘ, আত্মসহায়ক গোটৰ সহযোগত আজি দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত এই অভিলেখ সংখ্যক গছপুলি ৰোপন কৰা হয়।

আনহাতে এই কাৰ্যসূচীৰ জৰিয়তে চৰাইদেউ জিলা প্ৰশাসনে সেউজ চৰাইদেউ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। ইফালে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ নগানদী বনগাওঁ অঞ্চলত এখন বিশেষ সভা অনুষ্ঠিত হয়।

উক্ত সভাত অৰণ্য মানৱ তথা পদ্মশ্ৰী যাদৱ পায়েং,  ডিব্ৰু চৈখোৱা কনজাৰভেচন চছাইটিৰ জয়নীল আবেদিন, চাচনি-মেৰবিল ইক’ টুৰিজিম ডেভলপমেণ্ট সমিতিৰ সভাপতি মনি মাণিক গগৈৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপৰি বহুকেইগৰাকী বিশিষ্ট প্ৰকৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।

সভাত উপস্থিত থকা আটাইকেইগৰাকী বিশিষ্ট অতিথিয়েই গোলকীয় উষ্ণতা ৰক্ষা কৰাৰ উদ্দেশ্যে আমি গছপুলি ৰোপন কৰি এইবোৰৰ প্ৰতিপালন কৰা নিতান্তই প্ৰয়োজন বুলি মন্তব্য কৰে।

আনহাতে চৰাইদেউ জিলাত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে অতি শীঘ্ৰে  অভয়পুৰ সংৰক্ষিত বনাঞ্চলত হাতীৰ খাদ্য হিচাবে ধান সিচাঁৰ লগতে কলগছ ৰোপনৰ আঁচনি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে সোনাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই।

উল্লেখযোগ্য যে ৰাজ্যত বনাঞ্চল ধ্বংস যজ্ঞ অব্যাহত থকাৰ সময়তে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ‘শ্যামলী চৰাইদেউ ” শীৰ্ষক আঁচনিৰ জৰিয়তে সেউজ চৰাইদেউ গঢ়াৰ এই পদক্ষেপক সমগ্ৰ জিলাবাসীয়ে শলাগ লোৱাৰ উপৰি কাৰ্যসূচীৰ প্ৰতি স্বত:স্ফুত সঁহাৰি জনোৱা পৰিলক্ষিত হয়।