• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত ঘৃণা-বাৰ্তা বিয়পোৱা বিভিন্ন ঠাইৰ ১৩জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2018 6:02 pm
Yiuth-arrested-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটা পৃথক পৃথক পৃথক ঘটনাত ছ’চিয়েল মিডিয়াত ঘৃণা-বাৰ্তা বিয়পাই দিয়াৰ অপৰাধত বিভিন্ন স্থানৰ পৰা ১৩জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উক্ত লোককেইজনে ছ’চিয়েল মিডিয়াত অসম বন্ধৰ উৰা বাতৰি, সোপাধৰা, আৰু জনগোষ্ঠীয় ঘণাসূচক মন্তব্য বিয়পাই দিছিল।

মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ উপকণ্ঠীয় এলেকা চন্দ্ৰপুৰৰ পৰা মানব বৰা নামৰ যুৱকজনক আটক কৰে। মানবে ফেচবুকত কাৰ্বি লোকসকলৰ বিপক্ষে আপত্তিজনক মন্তব্য প্ৰচাৰ কৰিছিল। সঞ্জয় তিমুং নামৰ লোকজনৰ অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে মানবক গ্ৰেপ্তাৰ কৰে।

Apply Now

আনহাতে আন এটা সদৃশ ঘটনাত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুভংকৰ চক্ৰবৰ্তী নামৰ যুৱকজনক। অসম বন্ধ সম্পৰ্কে ছ’চিয়েল মিডিয়াত উৰা বাতৰি বিয়পাই দিয়াৰ বাবে শুভংকৰক শান্তিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

অভিযোগ অনুসৰি, গ্ৰেপ্তাৰ কৰা এই যুৱকদুজনে ছ’চিয়েল মিডিয়াত বিয়পাই দিছিল যে কাৰ্বি আংলঙত গুৱাহাটীৰ যুৱক দুজন জনৰোষৰ বলি হোৱাৰ প্ৰতিবাদত  সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই অসম বন্ধৰ আহ্বান জনাইছে।

উল্লেখ্য যে শনিবাৰে নগাঁও চহৰৰ বাছ আস্থান আৰু বজাৰত কাৰ্বি আংলঙৰ পৰা অহা লোকসকলক আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত কংগ্ৰেছ দলৰ ছাত্ৰ গোট ‘নেশ্যনেল ষ্টুডেণ্টছ য়ুনিয়ন অব ইণ্ডিয়া’ৰ ১১ গৰাকী সদস্য আৰু সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ছ’চিয়েল মিডিয়াত ঘৃণা-বাৰ্তা বিয়পাই দিয়াৰ বাবে ডিব্ৰুগড় চহৰত সীমান্ত তেৰাং নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ ভিন্ন ভিন্ন জিলাত একেই অভিযোগত আৰক্ষীয়ে ৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

ছ’চিয়েল মিডিয়াযোগে সোপাধৰাৰ বাতৰি বিয়পাই দিয়া আন এজন যুৱক সুভ্ৰজিত শৰ্মা ওৰফে সুভ্ৰজিত কাশ্যপক দৰং জিলাৰ ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বিশ্বনাথ চাৰিআলিত দীপক খাউণ্ড (২৮)নামৰ যুৱকজনে দুস্কৃতিকাৰীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি ল’ৰা ছোৱালী ধৰি নিয়া বুলি উৰা বাতৰি বিয়পাই দিছিল   আৰু দীব্যজ্যোতি শইকীয়াই  (২১) বোৰখা পিন্ধা হিজৰা লোকে কুমলীয়া অঞ্চলত  ল’ৰা ছোৱালী অপহৰণ কৰি নিয়া বুলি উৰা বাতৰি বিয়পাই দিছিল। দুয়োকে ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰা কৰি থকা হৈছে।

ফেচবুকত কাৰ্বি আংলঙলৈ আহিবলৈ বাধা দি বাতৰি বিয়পাই দিয়া বাবে বাবে সীমান্ত তেৰঙক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সীমান্ত বৰ্তমান ন্যায়িক জিম্মাত আছে।

নগাৱঁৰ ভৱজ্যোতি ডেকা, মৃদুপৱন মুক্তিয়াৰ আৰু অংকুৰ নাথক একেই কাৰণতে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত  গোচৰ ৰুজু কৰা হৈছে।

কামৰূপ মহানগৰ এলেকাত বিপুল পৌলক ঘৃণা বাৰ্তা বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ক্ষেত্ৰী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

কালিৰে হোৱাটছ্‌এপযোগে ঘৃণা বাৰ্তা বিয়পাই থকা প্ৰদীপ দাস নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিপক্ষে মঙলদৈ থানাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

১০ জুনৰ দিনা কাৰ্বি আংলঙত ঘৃণা-বাৰ্তা আৰু  সোপাধৰা সন্দৰ্ভত ভুৱা বাতৰি বিয়পাই দিয়া বাবে ডিফুৰ ভূপেন্দ্ৰ তেৰাং ওৰফে এডৱিনছন তেৰাঙক গ্ৰেপ্তাৰ কৰি জেৰা কৰি থকা হৈছে।

শেহতীয়া ভাৱে জানিব পৰা গৈছে যে ঘৃণা বাতৰি প্ৰচাৰ কৰি সমাজক অস্থিৰ আৰু বিভ্ৰান্ত কৰি তুলিব বিচৰা  ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাম খৰতকীয়া কৰাৰ বাবে আৰক্ষী প্ৰশাসনে এটা নিজাববীয়াকৈ গোচৰ (suo motu) ৰুজু কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd