DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 11:37 am
ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান
159
VIEWS
Share on FacebookShare on Twitter

ছিকিম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনত অহা বছৰৰ ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত অ-জৈৱিক পদ্ধতিত উৎপাদন কৰা কৃষিজাত, উদ্যান শস্য তথা পশুধনৰ যোগান নিষিদ্ধ কৰাৰ প্ৰস্তাৱ এটাত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাজ্যৰ উদ্যান শস্য তথা কৃষি বিভাগে ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত ছিকিমত অ-জৈৱিক খাদ্য সামগ্ৰীৰ যোগান নিষিদ্ধ কৰাৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰা হ’ব।

যথা সময়ত কেবিনেট সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ বাবে জাননী জাৰি কৰা হ’ব বুলি জানিব দিছে এগৰাকী বিষয়াই।

২০১৮ ত ৩১ মাৰ্চৰ পৰা নিষিদ্ধ হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে –মাকৈ, বীন, বেঙেনা, ব্ৰুকলি, বন্ধাকবি, ফুলকবি, কেপচিকাম, গাজৰ, তিয়হ, লেছেৰা, ভেণ্ডি, লাইশাক, পালেংশাক, মটৰ,বিলাহী, কল, মধুৰীআম, আম, সুমথিৰা, অমিতা, আদা, কেঁচা জলকীয়া, হালধী ইত্যাদি। ইয়াৰ উপৰি আৰু কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব বুলি জানিব দিছে বিষয়াগৰাকীয়ে।

দুদিন আগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তেওঁ তৰকাৰে অহা বছৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা কল আৰু আম নিষিদ্ধ কৰিব। তেওঁ কৈছিল যে ৰাসায়নিকভাৱে পকোৱা এই ফলবোৰ খালে মানুহৰ স্বাস্থ্য বিঘ্নিত হ’ব।

যদিও ছিকিমে ইয়াৰ ঘৰুৱা উপভোক্তাৰ প্ৰয়োজন পূৰণ কৰিবলৈ পশ্চিমবংগৰ দৰে চুবুৰীয়া ৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিবলগীয়া হয়, তথাপি যোৱা বছৰ ৰাজ্যখনক এখন সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd