আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ভেনিজুৱেলাৰ এজন যুৱকক আমেৰিকাৰ নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱককজনৰ নাম ৰনি য়ৰ্ড্ৰিক্স গুয়ানিপা চিৰিনোছ (Ronny Yordrix Guanipa Chrinos)। তেওঁৰ বয়স ২৬ বছৰ।
বৃহস্পতিবাৰে নিশা ৱাশ্বিংটনৰ হোৱাইট হাউছৰ ওচৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰীয়ে তেওঁৰ গাড়ীৰ পৰা এটা এ আৰ-১৫ ৰাইফল, দুটা পিষ্টল আৰু কেইবা ডজন কাৰ্টিজ উদ্ধাৰ কৰা বুলি দাবী কৰিছে।
ইয়াৰ লগতে পিকআপ ট্ৰাকখন চুৰি কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগ প্ৰকাশ পাইছে।
আমেৰিকা প্ৰশাসনৰ মতে, বৃহস্পতিবাৰে নিশা ৱাশ্বিংটনৰ কনষ্টিটিউচন এভিনিউত আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিছৰ বিষয়াসকলে ৰখাই থোৱা এখন নীলা ৰঙৰ ফৰ্ড এফ-১৫০ পিকআপ ট্ৰাক দেখা পায়। গাড়ীৰ ভিতৰত থকা ব্যক্তিজনৰ আচৰণ সন্দেহজনক যেন লগাত তেওঁক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।
তদন্তকাৰীয়ে দাবী কৰিছে যে জেৰাৰ সময়ত চিৰিনোছে কয় যে তেওঁৰ মূৰৰ ভিতৰত এটা কণ্ঠস্বৰে তেওঁক ৱাশ্বিংটনলৈ গৈ ৰাষ্ট্ৰপতিক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল। এই বক্তব্যৰ পিছতে গাড়ীখনত তালাচী চলোৱা হয়। তাৰ পৰা উদ্ধাৰ হৈছে তিনিটা আগ্নেয়াস্ত্ৰ আৰু কেইবা ডজন কাৰ্টিজ।
আটকাধীন যুৱকজনৰ গাড়ীৰ পৰা এটা এ আৰ-১৫ ৰাইফল, এটা মেক-১০ মেচিন পিষ্টল আৰু এটা গ্লক ৪৩এক্স পিষ্টল উদ্ধাৰ কৰা হৈছে। অৰ্থাৎ গাড়ীখনত মুঠ তিনিটা আগ্নেয়াস্ত্ৰ আছিল।
তালাচীৰ সময়ত কেইবাডজন গুলী উদ্ধাৰ হয়। তদন্তত পিকআপ ট্ৰাকখন চুৰি হোৱাৰ অভিযোগ পোৱা গৈছে। ফলত কেৱল অস্ত্ৰ-শস্ত্ৰ সম্পৰ্কীয় অপৰাধেই নহয়, চুৰি বাহন ব্যৱহাৰ আৰু চুৰি সম্পত্তি ৰখাৰ অভিযোগো গোচৰটোত সংযোজন হয়।
তদন্তত ব্যৱহৃত পিকআপখন দক্ষিণ কেৰ’লিনাৰ পৰা চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ডি এইচ এছৰ দাবী যে ২০২৪ চনৰ মাৰ্চ মাহত চিৰিনোছে টেক্সাছ সীমান্তৰে আমেৰিকাত প্ৰৱেশ কৰিছিল। আমেৰিকা প্ৰশাসনে লগতে কয় যে তেওঁৰ হাতত আমেৰিকাত থাকিবলৈ আইনী অনুপ্ৰৱেশৰ নথি-পত্ৰ নাছিল।
ধৃত ব্যক্তিজনৰ বিৰুদ্ধে আগ্নেয়াস্ত্ৰ অবৈধ পৰিবহণ, অনুজ্ঞাপত্ৰ অবিহনে পিষ্টল কঢ়িয়াই নিয়া, পঞ্জীয়নবিহীন অস্ত্ৰ-শস্ত্ৰ আৰু কাৰ্টিজ ৰখা, চুৰি বাহন ব্যৱহাৰ, চুৰি সম্পত্তি ৰখা আদি একাধিক অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (আইচিই) তেওঁক ইমিগ্ৰেচন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ বাবে আটক কৰি ৰাখিবলৈ অনুৰোধ জনাইছে।
এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকান ছিক্ৰেট চাৰ্ভিচৰ সঞ্চালক শ্বেন কাৰানে। তেওঁৰ মতে, হোৱাইট হাউছৰ আশে-পাশে অস্ত্ৰধাৰী সন্দেহজনক লোকৰ উপস্থিতি নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট চিন্তাৰ বিষয়। তেওঁ দাবী কৰে যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবে সম্ভাৱ্য বিপদ ৰোধ কৰা সম্ভৱ হৈছে।
গ্ৰেপ্তাৰৰ পিছত চিৰিনোছক ৱাশ্বিংটনৰ আদালতত হাজিৰ কৰা হয়। বৰ্তমান তেওঁ আমেৰিকাৰ মাৰ্শ্বাল চাৰ্ভিচৰ জিম্মাত আছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে। অৱশ্যে ট্ৰাম্পক আক্ৰমণ কৰাৰ কোনো প্ৰকৃত পৰিকল্পনা আছিল নে ইয়াক কাৰ্যকৰী কৰাৰ চেষ্টা কৰা হৈছিল সেয়া তদন্তৰ জৰিয়তে স্পষ্ট হ’ব।



