DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ছুপাৰ ডান্সাৰ ২’ ৰ খিতাপ জয় যোৰহাটৰ বিশাল শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 7:17 am
super-dancer759-570x320

শ্ব’ৰ সময়ত ছবিৰ বাবে প’জ দিছে বৰুণ ধাৱান, শিল্পা ছেট্টী, গীতা কাপুৰ, অনুৰাগ বাসু, ৰিটিক ডিৱাকেৰ, বৈষ্ণৱী প্ৰজাপতি, আকাশ থাপা আৰু বিশাল শৰ্মাই।

148
VIEWS
Share on FacebookShare on Twitter

ছোনী এন্টাৰটেইমেন্ট টেলিভিশ্বনৰ নৃত্যৰ ৰিয়েলিটি শ্ব’ ছুপাৰ ডান্সাৰ প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে অসমৰ যোৰহাটৰ শিশু বিশাল শৰ্মাই। শনিবাৰে নিশা এক বৰ্ণাঢ্য অনুষ্ঠানত বিশালক বিজয়ীৰ খিতাপ প্ৰদান কৰা হয়।

বিশাল আছিল এগৰাকী অত্যন্ত সজীৱ প্ৰদৰ্শনকাৰী আৰু বিচাৰকৰ অন্তৰ জয় কৰি প্ৰতিটো প্ৰদৰ্শনতে তেওঁ এশ শতাংশ উজাৰি দিছিল। প্ৰতিটো নৃত্যৰেই তেওঁ প্ৰতিযোগিতাখনৰ মঞ্চত ধুমুহাৰ সৃষ্টি কৰিছিল।

‘ছুপাৰ ডান্সাৰ ২’ ৰ খিতাপ অৰ্জনৰ সূত্ৰে বিশালে নগদ ১৫ লাখ টকাৰ পুৰস্কাৰৰ লগতে বিজয়ী ট্ৰফী লাভ কৰিছে। তেওঁৰ ‘ছুপাৰ গুৰু’ৱে লাভ কৰিছে ৫ লাখ টকাৰ নগদ পুৰস্কাৰ।

প্ৰতিযোগিতাৰ চাৰিগৰাকী চূড়ান্ত প্ৰতিযোগী ৰিটিক ডিৱাকেৰ, বৈষ্ণৱী প্ৰজাপতি, আকাশ থাপা আৰু বিশাল শৰ্মাই বিগত এসপ্তাহ ধৰি আকৰ্ষণীয় খিতাপটো অৰ্জনৰ বাবে হিয়া উজাৰি নৃত্য প্ৰদৰ্শন কৰিছিল।

দহ বছৰীয়া ৰিটিক ডিৱাকেৰে বিচাৰক শিল্পা ছেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বাসুক তেওঁৰ শীতল আৰু অনন্য শৈলীৰে প্ৰভাৱিত কৰাৰ লগতে পাঁচ বছৰীয়া পানীপটৰ বৈষ্ণৱী প্ৰজাপতিয়ে তেওঁৰ শক্তি আৰু প্ৰতিভাৰে সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছিল। একেদৰে দেৰাদুনৰ আকাশ থাপাই তেওঁৰ সম্পূৰ্ণ নৃত্যশৈলীৰে তথা আৱেদনেৰে বিচাৰকৰ লগতে দৰ্শকৰ অন্তৰ জয় কৰিছিল।

গড়মূৰ জাতীয় বিদ্যালয়ৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ বিশালে ২০১৭ ৰ আগষ্টৰ পৰাই দৰ্শকক মুগ্ধ কৰি আহিছিল আৰু চূড়ান্ত বিজয়ী হোৱাৰ পথত এক শক্তিশালী প্ৰতিযোগী হিচাপে বিবেচিত হৈছিল।

বিশালৰ পিতৃ-মাতৃৰ তিনিটা সন্তান আৰু দুটা গাই গৰু পুহি তেওঁলোকে সংসাৰ চলাই আছে। কোনোমতে সংসাৰ চলাই থকা তেওঁলোকৰ পৰিয়ালটো ঋণগ্ৰস্ত হৈ চলি আছে। বিশালৰ এই বিজয়ে পৰিয়াললৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd