• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জজ ফিল্ডত মৌন প্ৰতিবাদত জুবিন : ঘটনাৰ বাবে সমগ্ৰ কাৰ্বি জাতিক লক্ষ্য কৰি নল’বলৈ সকলোকে আহ্বান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 11, 2018 9:29 pm
Zubeen-Garg

জজ ফিল্ডত মৌন প্ৰতিবাদৰ সময়ত জুবিন গাৰ্গ আৰু অন্যান্যসকল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত ৮ জুনত এদল উন্মত্ত লোকৰ নৃশংসতাৰ বলি হোৱা গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বাবে ন্যায় বিচাৰি সোমবাৰে গুৱাহাটীৰ জৰ্জ ফিল্ডত সমবেত হ’ল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আহ্বানত ওলাই অহা শিল্পী-কলা-কুশলী আৰু বৃহৎ সংখ্যক সাধাৰণ ৰাইজে মুখত গামোচা আৰু ক’লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

জৰ্জ ফিল্ডত উপস্থিত থাকি জুবিন গাৰ্গে নীলোৎপল আৰু অভিজিতৰ দৰে ঘটনাৰ আৰু যেন পুনৰাবৃত্তি নঘটে তাৰ বাবে চৰকাৰ-প্ৰশাসনক তৎপৰ হোৱাৰ আহ্বান জনায়। তেওঁ লগতে উৰাবাতৰি, অন্ধবিশ্বাসে যাতে সমাজক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে ৰাইজক সজাগ হ’বলৈ কয়।

Apply Now

নিজৰ ভাষণত জনপ্ৰিয় শিল্পীগৰাকীযে এই ঘটনাৰ বাবে বিশেষ এটা জনজাতিক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকিবলৈ সকলোকে অনুৰোধ জনায়। তেওঁ কয় যে কাৰ্বিসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। এই ঘটনা একাংশ নষ্ট মানসিকতাৰ লোকে সংঘটিত কৰা বুলি মন্তব্য কৰি তাৰ বাবে কাৰ্বিসকলক জগৰীয়া নকৰিবলৈ জুবিন গাৰ্গে আহ্বান জনায়।

সোমবাৰে প্ৰতিবাদস্থলীত জুবিন গাৰ্গে আমাৰ দেশত আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যায় বা বিভিন্ন সময়ত ন্যায় লাভ কৰোতে বহু পলম হয় বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ আমাৰ সংবিধান সলনি কৰিব লাগে, আইন-আদালতৰ ব্যৱস্থাটো সলনি কৰিব লাগে আৰু আমি নিজকো সলনি কৰিব লাগে বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

জৰ্জ ফিল্ডত উপস্থিত থাকি যুৱ লেখক ইমৰান হুছেইনে কয় যে আমাৰ দেশত Mob lynching prevention act  এখনৰ প্ৰয়োজন আছে। তেওঁ লগতে কয়, “কোনো জাতিৰ-জনগোষ্ঠীৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয়, ন্যায় বিচাৰৰ সপক্ষে এই প্ৰতিবাদ।”

প্ৰতিবাদত অংশ লৈ অভিনেত্ৰী জেৰিফা ৱাহিদে ছ’চিয়েল মিডিয়া বা আন কোনো মাধ্যমেৰে উৰাবাতৰি যাতে বিয়পি নাযায় তাৰ বাবে সকলোকে সচেষ্ট হবলৈ আহ্বান জনায়। তেওঁ লগতে ন্যায়ব্যৱস্থা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত এতিয়াও আমাৰ বিশ্বাস হেৰাই যোৱা নাই বুলি কৈ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়ালে উচিত ন্যায় পাব বুলি আশা কৰি থকা বুলি মন্তব্য কৰে।

এই প্ৰতিবাদস্থলীৰ পৰাই সমবেত ৰাইজে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাৰীৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ক্ষিপ্ৰভৱে ন্যায় প্ৰদাণ কৰা, ঘটনাৰ সময়ত ভিডিঅ’ ফুটেজ লৈ থকা আৰক্ষীৰ লোকজনৰ লগতে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আৰু দুই মন্ত্ৰী ক্ৰমে চুম ৰংহাং আৰু ভৱেশ কলিতাই কৰা টুলুঙা মন্তব্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা, নীলোৎপল দাস আৰু অভিজিৎ নাথ চহিদ ঘোষণা কৰা আদি কেবাটাও দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে ডকমকাৰ পাণজুৰি গাঁৱৰ যি ঠাইত যুৱকদ্বয়ক হত্যা কৰা হ’ল সেইস্থানত দুয়োজনৰে নামত এটা স্মৃতি সৌধ আৰু তাত ৰাজহুৱা আদ্য-শ্ৰাদ্ধৰ বাবে উদ্যোগ ল’ব বুলিও জানিবলৈ দিয়ে।

জৰ্জ ফিল্ডত দুই প্ৰতিভাৱান যুৱকক সুঁৱৰি এগৰাকী শিল্পীয়ে ছবি অংকন আৰু এগৰাকী যুৱতীয়ে স্বৰচিত কবিতা এটাও পাঠ কৰে। সন্ধিয়া সকলোৱে মমবাতি জ্বলাই যুৱকদ্বয়ৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd