• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ বাবে ৪০ বছৰ: জুৱেল ওৰামৰ বক্তব্যৰ বিৰুদ্ধে দুধনৈ- সোণাৰিত প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2018 2:42 pm

2 min read

গোবালপাৰা

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে দুধনৈত প্ৰতিবাদ

87
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ দোদুল্যমান পৰিস্থিতি অব্যাহত থকাৰ মাজতে কালি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণৰ বাবে ৪০ বছৰৰ প্ৰয়োজন বুলি কৰা মন্তব্যক লৈ জুই জ্বলিছে ভিন্ন স্থানত।

আজি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে গোৱালপাৰাৰ দুধনৈত আক্ৰাছুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰী সকলে টায়াৰ জ্বলাই বিভিন্ন শ্ল’গান দিয়াৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়।

সোণাৰি
কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহেৰে ভজো চাৰিআলিত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

একেদৰে সোণাৰিৰ ভজো চাৰিআলিত টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে।সংগঠনটোৰ সদস্য সকলে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে অঞ্চলটো।

উল্লেখযোগ্য যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক স্বীকৃতি প্ৰদান কৰিবলৈ গৈ বিজেপি চৰকাৰখন কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি কালি মন্তব্য কৰিছিল কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে এয়া এক উমৈহতীয়া সিদ্ধান্তৰ বিষয়। মাত্ৰ এটা নহয়, চাৰিটাকৈ সংস্থা এই প্ৰক্ৰিয়াৰে জড়িত। আনকি ৰাজ্য চৰকাৰৰো মতামত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। অৱশ্যে জনজাতিৰ স্বীকৃতি প্ৰদান বিষয়টো সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সদৰী কৰিছিল।

তাৰ পাছত ৰাজ্যত আজি অব্যাহত থকা প্ৰতিবাদ যথেষ্ঠ গুৰুত্বপূৰ্ণ। উল্লেখ্যোগ্য যে অসমৰ কোচ-ৰাজবংশী, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল। কিন্তু বিভিন্ন কাৰণত কমিটীৰ প্ৰতিবেদন জমা দিয়াৰ দিন বহুবাৰ সলনি কৰিবলগীয়া হৈছিল আৰু শেহতীয়াকৈ ২০১৭ চনৰ ৩০ জুন নিৰ্দ্ধাৰণ কৰিছিল যদিও এতিয়ালৈকে প্ৰতিবেদনখন জমা দিয়া নাই।

 

Recent News

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd