জিঅ’ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে অসমৰ তাজদাৰ জুনেইদ

অসমৰ সন্তান গীতিকাৰ, সুৰকাৰ আৰু প্ৰযোজক তাজদাৰ জুনেইদ শ্ৰেষ্ঠ আবহ সংগীতৰ বাবে  জিঅ’ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হৈছে। আদিল হুছেইন অভিনীত ‘মুক্তি ভৱন’ ছবিখনত তেওঁ সংগীত ৰচনা কৰিছে।

৩১ বছৰ বয়সীয়া জুনেইদে দেশৰ সংগীত জগতত আজি কিছুদিনৰ পৰা খলকনি তুলিবলৈ সক্ষম হৈছে। সম্প্ৰতি কলকাতাত থাকিব লোৱা তেওঁৰ সংগীতৰ মুল বৈশিষ্ট্য হৈছে লোক সংগীতৰ লগত আন সংগীতৰ মিশ্ৰণ।

তেওঁৰ প্ৰথমটো এলবাম ‘হোৱাট কালাৰ ইছ ইয়’ৰ ৰেইনদ্ৰ’প’ ৰ জৰিয়তে সংগীত জগতত তেওঁ নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ সুমুধুৰ সংগীতৰ আঁৰত তেওঁ ব্যৱহাৰ কৰা দহ তাঁৰ যুক্ত চাৰংগো বাদ্যৰ অৰিহনাও নুই কৰিব নোৱাৰি। এই ব্যতিক্ৰমী সংগীতৰ মায়াজালে শ্ৰোতাৰ হৃদয়-মন চুই যায়।

২০১৭ ত ইৰাণৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা মহচেন মখমলবাফে তেওঁৰ ‘দ্য প্ৰেছিডেন্ট’ চলচ্চিত্ৰখনৰ বাবে জুনেইদৰ দাস্তান শীৰ্ষক গানটো ব্যৱহাৰ কৰিছিল। তেওঁ কেৱল এগৰাকী গায়ক, সংগীত পৰিচালক আৰু প্ৰযোজকেই নহয়, কিন্তু তেওঁ বিভিন্ন বাদ্য যন্ত্ৰও সংগত কৰিব পাৰে।

জুনেইদে অলপতে তেওঁৰ পিতৃ জুনেইদ আহমেদে ৰচনা কৰা উৰ্দু কবিতাৰ এটা ভিডিঅ’ ‘য়াদো কি পৰী’ মুক্তি দিয়ে।