DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ সাংবাদিক মানিক শইকীয়াৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী হাঁহচৰা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 16, 2018 4:51 pm
Senior jurno from Janji Manik Saikia
91
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ জাঁজী হাঁহচৰা নিৱাসী, জ্যেষ্ঠ সাংবাদিক, হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী মানিক শইকীয়াই আজি পুৱা ৮:৪৫ বজাত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আকস্মিক ভাবে মৃত্যুক সাবটি লয়।

আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতত জাঁজী হাঁহচৰাৰ পৰা সংবাদ সেৱা আগবঢ়োৱা শইকীয়াক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউ লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বৃহত্তৰ জাঁজী হাঁহচৰা অঞ্চলৰ বহু পুৰণি গ্ৰন্থ বিপনী ‘শইকীয়া বুক ষ্টল’ৰ স্বত্বাধিকাৰী মানিক শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হয়।

হাঁহচৰা পূৱেৰুণ কৃষ্টি সমাজৰ প্ৰাক্তন সম্পাদক, ৰাসোৎসৱ সমিতিৰ প্ৰাক্তন সম্পাদক, হাঁহচৰা নিবনুৱা সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰগতি মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সম্পাদক, হাঁহচৰা ব্যৱসায়ী সন্থাৰ একালৰ সভাপতি সম্পাদক হিচাপে দায়িত্ব পালন কৰা মানিক শইকীয়া মৃত্যুৰ সময়ত  হাঁহচৰা জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সদস্য, হাঁহচৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ সচিবৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয় ভাবে জড়িত আছিল।

প্ৰয়াত শইকীয়াৰ মৃতদেহ চিকিৎসালয়ৰ পৰা নিজা গৃহলৈ অনাৰ পিছতে, হাঁহচৰা প্ৰেছ ক্লাৱ, শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছন, টীয়ক প্ৰেছ ক্লাৱ, পূৱেৰুণ কৃষ্টি সমাজ, হাঁহচৰা জুনিয়ৰ কলেজ, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়, হাঁহচৰা ৰাসোৎসৱ সমিতি, হাঁহচৰা দুৰ্গোৎসৱ উদযাপন সমিতি, হাঁহচৰা ব্যৱসায়ী সন্থা, হাঁহচৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা পৰিচালনা সমিতি, অসম গণ পৰিষদৰ পূৱ লাহিং আঞ্চলিক সমিতি, ভাৰতীয় জনতা পাৰ্টিৰ পূৱ লাহিং মণ্ডল, আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণ কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

দুপৰীয়াৰ ভাগত শতাধিক শোকাকুল ৰাইজৰ উপস্থিতিত সাংবাদিক গৰাকীৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। জ্যেষ্ঠ সাংবাদিক গৰাকীৰ বিয়োগত আপকুৰ যোৰহাট জিলা সমিতি, পূব যোৰহাট প্ৰেছ ক্লাৱ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা প্ৰমূখ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আনহাতে হাঁহচৰা ব্যৱসায়ী সন্থাই দোকান পোহাৰ সমূহ বন্ধ ৰাখি বিশিষ্ট গ্ৰন্থ ব্যৱসায়ী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়।

৬০ বছৰ বয়সত মৃত্যুক সাবটি লোৱা প্ৰয়াত শইকীয়াই মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ,পত্নী, তিনিগৰাকী নাৱালিকা কন্যা, জ্যেষ্ঠ ভাতৃসহ বহু আত্মীয় এৰি যায়।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd