• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্যোতি চিত্ৰবনৰ পৰিৱেশ দেখি অভিভূত হৈ পৰিল বলিউডৰ যশস্বী পৰিচালক সুভাষ ঘাই  

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2018 8:19 am

2 min read

Film Director Subhash Ghai with Pabitra Margherita
249
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণস্বৰূপ জ্যোতি চিত্ৰবনৰ পৰিৱেশ দেখি অভিভূত হ’ল বলিউডৰ যশস্বী পৰিচালক সুভাষ ঘাই। এডভাণ্টেজ আছামত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে গুৱাহাটীলৈ আহিছিল এই বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকী।

পৰিচালক সুভাষ ঘায়ে দেওবাৰে জ্যোতি চিত্ৰবনত উপস্থিত হৈ ইয়াৰ নয়নাভিৰাম পৰিৱেশ দেখাৰ লগে লগে অভিভূত হৈ পৰে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক প্ৰতিষ্ঠানটোৰ ঐতিহ্যৰ বিষয়ে জ্ঞাত হৈ পৰিচালকগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ মুখৰ পৰা স্বতঃস্ফুৰ্তভাবে ওলাই আহে ‘সত্যম, শিৱম, সুন্দৰম’।

উল্লেখ্য যে অসমৰ বিনোদন উদ্যোগত বিনিয়োগ, চলচ্চিত্ৰ পৰ্যটনৰ বিকাশ তথা চলচ্চিত্ৰৰ ক্ষেত্ৰত মানৱ সম্পদ সৃষ্টিৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমন্ত্ৰণক্ৰমে অসমলৈ আহিছে সুভাষ ঘাই।

অসম যিদৰে সৌন্দৰ্যৰ দিশৰ পৰা অতুলনীয় সেইদৰে জ্যোতি চিত্ৰবনৰ মনোমোহা পৰিৱেশো অনন্য বুলি জ্যোতি চিত্ৰবনত উপস্থিত হৈয়ে পৰিচালকগৰাকীয়ে এনদৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰে।

জ্যোতি চিত্ৰবনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সুভাষ ঘায়ে কয় ‘অসমত প্ৰতিভাৰ কোনো অভাৱ নাই। আমাক আৰু বহুত ড০ ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীৰ প্ৰয়োজন আছে। অসমত সেই সম্ভাৱণা আছে আৰু তাৰ বাবে প্ৰয়োজন প্ৰণালীবদ্ধ শিক্ষণ-প্ৰশিক্ষণৰ’।

তদুপৰি বিশিষ্ট পৰিচালকগৰাকীয়ে জ্যোতি চিত্ৰবনৰ দৰে মহান প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ অসমত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। লগতে পৱিত্ৰ মাৰ্ঘেৰিটাৰ কৰ্মদক্ষতাৰ বিষয়েও শলাগ লোৱা দেখা যায়।

উল্লেখ্য যে কালিচৰণ, কৰ্জ, হিৰ’, ৰাম লখন, সৌদাগৰ, খলনায়ক, পৰদেশ, তাল আদি বিভিন্ন হিন্দী ছবিৰ নিৰ্মাতা সুভাষ ঘাই এফ টি আইৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

স্মৰ্তব্য যে হিন্দী ছবি জগতত নতুন নতুন তাৰকা সৃষ্টি কৰাৰ বাবে বিখ্যাত সুভাষ ঘাই। কিয়নো জেকী শ্ৰফ, মহিমা চৌধুৰীকে ধৰি বহুতো অভিনেতা অভিনেত্ৰীক বলিউডত এক সূকীয়া স্থান দিবলৈ সক্ষম হৈছে এই পৰিচালকগৰাকীয়ে। জ্যোতি চিত্ৰবনৰ পৰিৱেশ দেখি অভিভূত হৈ পৰা পৰিচালকগৰাকীয়ে আগন্তুক দিনত অসমৰ পৰাও কোনো শিল্পী বা অসমৰ পটভূমিক লৈ ছবি নিৰ্মান কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি।

শতবৰ্ষ গৰকা জ্যোতি চিত্ৰবনত পৰিচালক সুভাষ ঘায়ে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, সচিব মনীষা বৰগোহাঁই, সাংস্কৃতিক বিভাগৰ অতিৰিক্ত সচিব প্ৰীতম শইকীয়াকে ধৰি আৰ জি এফ টি আই আই আৰু জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীৰ সৈতে প্ৰায় দুঘণ্টা সময় অতিবাহিত কৰাৰ লগতে সমগ্ৰ চৌহদটো পৰিদৰ্শন কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd