DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডকাইতক তিনিদিনৰ যোৰহাট আৰক্ষীৰ জিম্মালৈ, আৰক্ষীক জে’ললৈ পঠিয়ালে আদালতে

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
May 3, 2018 12:14 pm
polices_arrested_-678x381

প্ৰতিনিধিত্বমূলক ফটো

98
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ এখন নিম্ন আদালতে বুধবাৰে দুৰ্ধৰ্ষ ডকাইত বাবুল লাহন, মিঠু বৰা আৰু মনোজ দত্তক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। লাহন আৰু বৰাক সোমবাৰে নিশা ডিব্ৰুগড় জিলাত সেনাই আটক কৰিছিল আৰু দত্তক আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল।

এটা গোচৰ পঞ্জীয়ন কৰি তিনিওজনকে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৩৯৯ আৰু ৪০০ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক লগতে অস্ত্ৰ আইনৰ (আৰ্মছ এক্ট)ৰ ২৫ নং ধাৰাৰ অধীনতো আটক কৰা হৈছে।

আনহাতে, বাবুল লাহন আৰু মিঠু বৰাক নিজৰ গাড়ী ব্যৱহাৰ কৰিবলৈ দিয়াৰ অভিযোগত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা আৰক্ষী কনিষ্টবল প্ৰদীপ শইকীয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

যোৰহাট যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি চুতীয়াই এক অভিযানৰ সময়ত সোমবাৰে নিশা ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত ছটাইত জোপহাৰ মাজত লুকাই থোৱা এটা বেগ উদ্ধাৰ কৰিছিল।

বেগখনত এ কে ৪৭ ৰাইফলৰ ১৫ ৰাউণ্ড গুলী-বাৰুদ, এটা এ কে ৫৬ ৰাইফলৰ মেগাজিন, এটা এছ বি বি এল বন্দুক আৰু দুটা এছ বি বি এলৰ সজীৱ গুলী পোৱা গৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজ দত্তই স্বীকাৰ কৰিছিল যে সোমবাৰে নিশা সেনাই আটক কৰা আৰু মঙলবাৰে যোৰহাটলৈ অনা লাহন আৰু বৰাই তেওঁক বেগটো দিছিল আৰু আৰু তেওঁ বেগত সেইদৰে লুকুৱাই ৰাখিছিল।

গৌৰৱ চুতীয়াই কয় যে লাহন আৰু মনোজ দুয়োটাই অস্ত্ৰ থকা বেগটোৰ গৰাকী হিচাপে ইজনে সিজনক আঙুলিয়াই দিছিল।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd