ডিগৈব শোধানাগাৰৰ বিষয়ালৈ ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেট অব ইণ্ডিয়াৰ বঁটা

ডিগবৈ শোধানাগাৰৰ (AOD) বিত্ত বিভাগৰ সহকাৰী পৰিচালক অংশুমান গগৈলৈ ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেট অব ইণ্ডিয়াই (ICAI) সন্মানীয় চি এ ক’ৰপ’ৰেট কনট্ৰিবিউটৰ – পাব্লিক ছেক্টৰ সন্মান  আগ বঢ়াইছে। জানিব পৰা মতে, মুম্বাইত অনুষ্ঠিত হোৱা ১১সংখ্যক ICAI, ২০১৭ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়।

মুম্বাইৰ নেহৰু চেণ্টাৰত আয়োজিত উক্ত অনুষ্ঠানত কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী সুৰেশ প্ৰভু উপস্থিত আছিল। উক্ত অনুষ্ঠানত ICAI ৰ সভাপতি চি এ নীলেশ শিৱজী ভিকমছে আৰু উপ-সভাপতি চি এ এন ডি গুপ্তাই গগৈক এই বঁটা আনুষ্ঠানিকভাবে অৰ্পণ কৰে ।

যোৱা ৭ বছৰ ধৰি AOD ডিগবৈত কৰ্মৰত গগৈয়ে নিজৰ কৰ্মনিষ্ঠাৰ বাবে প্ৰতিষ্ঠানটোত সদায়েই সমাদৃত হৈ আহিছে । তেওঁৰ উল্লেখযোগ্য সাফল্যসমূহৰ ভিতৰত যোৱা এপ্ৰিল মাহত AOD পৰিচালিত DPS স্কুলৰ হিচাপ পৰীক্ষাৰ সময়ত প্ৰায় ৪১ লাখ টকাৰ খেলিমেলি ধৰা পেলোৱা ঘটনাটোও আছে। উক্ত কামৰ বাবে গগৈয়ে সকলোৰে প্ৰশংসা লাভ কৰিছিল।

উল্লেখযোগ্য যে প্ৰতিবছৰে ভাৰতবৰ্ষৰ ব্যবসায় জগতখনত চকুতপৰা অবদান আগ বঢ়াই অংশীদাৰসকলৰ বাবে সম্পদ সৃষ্টি কৰাৰ বাবে উদ্ভাবনী পৰিকল্পনা যুগুত কৰা  চি এ সকলৰ মাজৰ পৰা শ্ৰেষ্ঠসকলক এই বঁটা আগ বঢ়োৱা হয়।

ইনষ্টিউট অব চৰ্টাৰ্ড একাউণ্টেট অব ইণ্ডিয়া হ’ল ভাৰতৰ চি এ সকলক প্ৰশিক্ষণ দিয়া শীৰ্ষ অনুষ্ঠান আৰু  ভাৰতৰ চি এ সকলৰ এই মুৰব্বী সংগঠনটোৰ প্ৰায় ২.৮ লাখ সদস্য আছে, যিসকলৰ মাজৰে ১.৫ লাখ ভাৰতত আৰু প্ৰায় ৩০,০০০ জন বিদেশত কৰ্মৰত হৈ আছে।