• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিফলু নদীৰ বলীয়া বানে প্লাৱিত কৰিলে বোকাখাতকে ধৰি বিভিন্ন ঠাইৰ বিস্তীৰ্ণ অঞ্চল

NE NOW NEWS এন ই নাও নিউজ
বোকাখাত , June 13, 2018 9:11 pm

2 min read

ডিফলু নদীৰ বলীয়া বানে প্লাৱিত কৰিলে বোকাখাতকে ধৰি বিভিন্ন ঠাইৰ বিস্তীৰ্ণ অঞ্চল
93
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাতে বোকাখাতৰ ডিফলু নদীত অহা এক প্ৰলয়ংকাৰী ঢলে মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ লগতে প্ৰায় ১০ ঘণ্টাৰ বাবে প্লাৱিত কৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পথৰ ওপৰেদি তীব্ৰ বেগত পানী যোৱাৰ বাবেই প্ৰায় ১০ ঘণ্টা ধৰি ৰাষ্ট্ৰীয় পথত যাতায়াত বন্ধ কৰে মহকুমা প্ৰশাসনে। অৱশ্যে দিনজোৰা অচলাৱস্থাৰ শেষত বিয়লিলৈ পানী শুকুৱাত পুনৰ যান বাহনৰ বাবে ৰাষ্ট্ৰীয় পথ মুকলি কৰি দিয়া হয়।

আনহাতে পানী শুকাইছে যদিও বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পথৰ সমান্তৰালে আছে জলপৃষ্ঠ আৰু বৰষুণো হৈয়ে আছে ৷ এনে অৱস্থাত ডিফলু নদীৰ পানী পুনৰ বঢ়াৰ সম্ভাৱনাই দেখা দিছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱাতে অহা ডিফলুৰ ঢলে বোকাখাতৰ বৰভেটা, কলাখোৱা, পানবাৰী, শিলজুৰি, ডিফলু পথাৰ অগৰাতলি আদি গাঁও প্লাৱিত কৰে ৷ ডিফলু নদীৰ এই আকস্মিক ঢলে মেথনি চাহ বাগিছাৰ লক্ষী মন্দিৰৰ কাষৰ মাজলু ঘাটোৱাল আৰু তুলসী তেলেঙ্গাৰ বাসগৃহও উটুৱাই নিয়ে ৷ লগতে দুয়োজন লোকৰে ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ডকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ উটুৱাই নিয়ে ৷

ইফালে কাজিৰঙাৰ কহঁৰাত কহঁৰা নদীৰ ঢলেও কহঁৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ কহঁৰাৰ বিদ্যালয়ৰ উপৰিও ইমাৰেল আৰু হৃষিকেশ নামৰ দুটা পৰ্যটক নিৱাসতো কহঁৰা নদীৰ পানী সোমায়।

আজি বিয়লিৰ ভাগত বোকাখাত মহকুমা প্ৰশাসনে কহঁৰাৰ বানাৰ্ত লোকৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ৷

উল্লেখযোগ্য যে স্থানীয় লোকে কাৰ্বি আংলঙৰ পাহাৰত হোৱা অবৈধ্য আৰু অপৰিকল্পিত অবাধ খননৰে এইয়া এক ফল বুলি সকলোয়ে মন্তব্য কৰিছে ৷

আনহাতে কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ১.০৭ মিটাৰ ওপৰেদি বৈ আছে আৰু অহা ২৪ ঘণ্টাত এই জলপৃষ্ঠ ০.৩৬ মিটাৰ বঢ়াৰ সম্ভাৱনা আছে ৷

Recent News

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd