DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা আৰম্ভ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 2, 2018 8:03 pm
ডিব্ৰুগড়ত অনুষ্ঠিত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ এটি মহুৰ্ত। ফটো: অভিক চক্ৰৱৰ্তী

ডিব্ৰুগড়ত অনুষ্ঠিত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ এটি মহুৰ্ত। ফটো: অভিক চক্ৰৱৰ্তী

297
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰৰ পৰা ডিব্ৰুগড়ৰ ভিক্টৰি পল’ গ্ৰাউণ্ডত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে। নৱম ৰাজপুতনা ৰাইফলছে আয়োজন কৰা প্ৰতিযোগিতাখনৰ চতুৰ্দশ সংস্কৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰয়াত কেপ্টেইন জিন্টু গগৈৰ পিতৃ ফ্লাইং অ’ফিচাৰ সন্মানেৰে সন্মানিত টি আৰ গগৈয়ে। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  নগেন শইকীয়াই।

মুঠতে ৰাজ্যখনৰ ১৬ টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। আৰম্ভণিৰ খেলখনত স্থানীয় দল জকাই ৰূপজ্যোতি সংঘই গাৰোহৱাল ৰাইফলছক ২-০ ব্যৱধানত পৰাজিত কৰে। ৰূপজ্যোতি সংঘৰ হৈ দুয়োটা গ’ল দিয়ে ইন্দ্ৰজিৎ সোণোৱালে। অহা ১২ জানুৱাৰীত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।

কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা জিন্টু গগৈৰ স্মৃতিত সেনাই ২০০৪ চনৰে পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে। ১৭ নং গাৰহোৱাল ৰাইফলছৰ ২৮ বছৰীয়া ডেকা জোৱানজনে ১৯৯৯ চনৰ ৩০ জুনত জুবেৰ পাহাৰৰ বাটালিক খণ্ডত অনুপ্ৰৱেশকাৰী পাকিস্তানী সৈন্যৰ সৈতে যুদ্ধত জীৱন উৎসৰ্গা কৰিছিল।

পৰ্বতৰ গুহা ৰাজ্যত অত্যন্ত প্ৰতিকূল বতৰৰ মাজতো তেওঁৰ দলটোক নেতৃত্ব দি শত্ৰুৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰা জিন্টু গগৈক মৰণোত্তোৰভাৱে  বীৰ চক্ৰ সন্মান প্ৰদান কৰা হৈছিল। যুৱ কেপ্টেইনজনে ৰাষ্ট্ৰৰ বাবে জীৱন উৎসৰ্গা কৰাৰ আগ মুহূৰ্তত নিজ হাতেৰে দুই শত্ৰুক হত্যা কৰিছিল। কাৰ্গিল যুদ্ধত ৫২৭ গৰাকী ভাৰতীয় সৈনিকে প্ৰাণ আহুতি দিছিল।

কেপ্টেইন গগৈক তেওঁৰ বিবাহৰ ১২ দিন পিছতে ছুটী বাতিল কৰি কৰ্তব্যত যোগ দিবলৈ নিৰ্দেশ দিয়া হৈছিল। যুদ্ধলৈ যোৱা চাৰিটা কোম্পানীৰ এগৰাকী বিষয়া আৰু  ১১ গৰাকী জোৱান উভতি অহা নাছিল।

গোলাঘাট জিলাৰ খুমটাইৰ বাসিন্দা জিন্টু গগৈক ২০০৭ চনত অসম চৰকাৰে মৰণোত্তৰভাৱে বীৰ চিলাৰায় সন্মান আগবঢ়ায়। ১৯৭০ চনৰ ২১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা গগৈয়ে ১৯৮৪ চনৰ ৯ মে’ত চেন্নাইৰ অ’ফিচাৰ ট্ৰেইনিং একাডেমীত যোগ দিছিল আৰু ১৯৯৫ চনৰ ১১ মাৰ্চত গাৰহোৱাল ৰাইফলছত বিষয়া হিচাপে ভৰ্তি হৈছিল।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd